কলাইগাঁৱ অসম ৰাজ্যৰ লুইতৰ উত্তৰ পাৰে ওদালগুৰি জিলাৰ অন্তৰ্গত এক বৃহৎ অঞ্চল। কলাইগাঁৱ পূৰ্বতে অবিভক্ত দৰং জিলাৰ অংশ আছিল।২০০৩ চনৰ ১০ফেব্ৰুৱাৰীত সম্পাদিত এক চুক্তি অনুসৰি বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট (Bodoland Territorial Area District, সংক্ষেপে BTAD) নামৰ এক নতুন স্বায়ত্বশাসিত এলেকা গঠন হোৱাত দৰং জিলাৰ একাংশক লৈ ওদালগুৰি জিলা গঠন কৰা হয়। বৃহত্তৰ কলাইগাঁৱ অঞ্চলৰ কিছু এলেকাকো ওদালগুৰি জিলাত অন্তৰভুক্ত কৰা হয়। বৰ্ত্তমানেও কলাইগাঁৱৰ বহু এলেকা দৰং জিলাৰ অংশ। বৰ্তমান কলাইগাঁৱ বড়োলেণ্ডৰ ক্ষেত্ৰীয় পৰিষদৰ অন্তৰ্গত এখন উল্লেখযোগ্য ঠাই হোৱাৰ লগতে দৰং জিলাৰ এখন উল্লেখযোগ্য ঠাই। ভৌগোলিক ভাবে চাবলৈ গলে কলগাওঁ চহৰৰ নিচেই কাষতে থকা চহৰ দুখন হল মঙলদৈ আৰু টংলা চহৰ।
                কলাইগাঁৱ‌ অঞ্চলত বিভিন্ন জাতি - জনগোষ্ঠীৰ মানুহ অতীতৰে পৰা বাস কৰি আহিছে। বিশেষকৈ বড়ো, ৰাভা, কোঁচ, কলিতা, ৰাজবংশী, ব্ৰাহ্মণ, বেংগলী, বিহাৰী, মাৰোৱাৰী , আদিবাসী, গাৰো, নাথ - যোগী ইত্যাদি সম্প্ৰদায়ৰ লোক এই বৃহত্তৰ অঞ্চলৰ লোক বাস কৰি আহিছে।




Popular posts from this blog

Bodofa Upendra Nath Brahma: The Father of The Bodo Nation