অসমীয়া উপন্যাসৰ প্ৰস্তুতি পৰ্ব্ব
অসমীয়া উপন্যাসৰ জন্ম হয় ঊনবিংশ শতাব্দীৰ দ্বিতীয়ার্দ্ধত। কিন্তু প্রকৃততে যি পৰিবেশ আৰু পটভূমি উপন্যাস সাহিত্যৰ প্ৰতিষ্ঠা আৰু বিকাশৰ কাৰণে প্রয়োজন অসমত সেই পৰিবেশ বিংশ শতাব্দীতহে সৃষ্টি হৈছে। সেই ফালৰপৰা চালে অসমীয়া সাহিত্যত উপন্যাস সৃষ্টিৰ পৰিবেশ উপন্যাসৰ অকাল-বোধন হয় বুলি কব লাগিব। উপন্যাসৰ জন্ম কাহিনীলৈ লক্ষ্য কৰিলেই এই কথাৰ প্ৰমাণ পোৱা যায়।
উপন্যাস সাহিত্য সামন্ত যুগীয় (ফিউডেল) সমাজ নাইবা বাজতন্ত্রী 'নবোল' (nobles) সকলৰ পৃষ্ঠপোষকতাত উদ্ভৱ হোৱা নাই। ফিউডেল সমা-জৰ ঠাইত বুৰ্জোৱা সমাজৰ অভ্যুত্থানৰ লগতহে ইয়াৰ জন্ম বৃত্তান্ত জড়িত।
এই বুৰ্জোৱা সমাজৰ উদ্ভৱ হৈছিল ঔদ্যোগিক বিপ্লৱৰ ফলত। এই ঔদ্যোগিক বিপ্লৱৰ ফলত গঢ়ি উঠে ব্যৱসায়ী আৰু চাকবৰজীৱী মধ্যবিত্ত সমাজ, নগৰকেন্দ্ৰিক সভ্যতা আৰু মুদ্রাযন্ত্ৰৰ বহুল প্রচলন। ইয়াৰ লগতে বৈজ্ঞানিক দৃষ্টিভঙ্গী আৰু যুক্তিবাদেও প্রতিষ্ঠা লাভ কৰিবলৈ ধৰে।
ব্যৱসায়-বাণিজ্যৰ প্ৰসাৰৰ কাৰণে মুদ্রা-যন্ত্ৰ আৰু সংবাদ পত্ৰৰ প্রয়োজন বাঢ়ি যায়। ব্যৱসায় বাণিজ্যৰ কেন্দ্ৰ হৈ পৰিল নগৰসমূহ আৰু নগৰ-কেন্দ্রিক সভ্যতাই সম্প্ৰসাৰণ ঘটালে শিক্ষিত মধ্যবৃত্তি শ্ৰেণীৰ। এই শ্রেণীয়েই দেশৰ সাংস্কৃতিক প্রৱাহ নতুন সুতিয়েদি প্রৱৰ্ত্তন কৰে। নগৰৰ বিভিন্ন অঞ্চলত কফি হাউচ, ক্লাব হাউচ, আৰু নানা ধৰণৰ চিত্তবিনোদনৰ সাংস্কৃতিক সংস্থা গঢ়ি উঠে। পুস্তিকা, প্রচাৰপত্র, সংবাদপত্ৰৰ চাহিদা বাঢ়ি যায় আৰু লগে লগে পাঠকৰ সংখ্যাও বৃদ্ধি পায়। এই মধ্যবিত্ত, ব্যৱসায়জীৱী, চাকৰিজীৱী আদিৰ অৱসৰৰ বিনোদনৰ উপায় স্বৰূপেই উপন্যাসৰ জন্ম হয় নাগৰিক সভ্যতাক কেন্দ্ৰ কৰি। গণতান্ত্রিক ভাব-ধাৰাৰ প্ৰসাৰেও ইয়াত সহায় কৰিছে। ইন্ডিভিডুৱেল বা ব্যক্তি-সত্তাৰ মূল্য স্বীকাৰ আৰু মানৱতাবোধৰ ব্যাপ্তিয়ে উপন্যাস-সৃষ্টিৰ অনুকূল পৰিবেশ সৃষ্টি কৰিলে। ইংলণ্ডত ঔদ্যোগিক বিপ্লৱ আৰু গণতন্ত্ৰৰ প্ৰতিপত্তি আৰু নাগৰিক সভ্যতাৰ পত্তন তুলনামূলকভাৱে আগেয়ে হয় বুলিয়েই উপন্যাসৰ উদ্ভৱ আৰু বিকাশ তাত আগেয়ে ঘটে। ফ্রাঞ্চ দেশত মহাবিপ্লৱৰ পাচতহে অর্থাৎ উনবিংশ শতাব্দীতহে উপন্যাস সাহিত্যই স্তানধেল আৰু বালজাকৰ হাতত ভালকৈ আত্মপ্রকাশ কৰে। তাৰ বিপৰীতে ইংলণ্ডত অষ্টাদশ শতিকাৰ প্ৰথমার্দ্ধতে উপন্যাস-সাহিত্যই প্রতিষ্ঠা লাভ কৰে।।
ধনতন্ত্ৰবাদৰ প্ৰসাৰ, আৰু নগৰ আৰু শিল্পাঞ্চলৰ ক্ৰমবৰ্দ্ধমান গতিব ফলত নতুন অর্থনৈতিক শ্রেণীবিন্যাস ঘটিল আৰু তাৰ মাজেদি ব্যক্তি স্বাতন্ত্র্যই মূৰ দাঙি উঠিল। উপন্যাসৰ উৎপত্তি আৰু প্ৰতিষ্ঠাৰ মূলত এই ব্যক্তি-স্বাতন্ত্র্যৰ অৰিহণাও অস্বীকাৰ কৰিব নোৱাৰি। উপন্যাসত আমি এহাতে লিখকৰ নিজস্ব ব্যক্তিগত দৃষ্টিভঙ্গী আৰু আনহাতে সমাজৰ পৰি-প্রেক্ষিতত ব্যক্তিব স্বকীয় অভিব্যক্তি দেখা পাওঁ। ব্যক্তি-স্বাতন্ত্র্য আৰু ব্যক্তি সত্তাৰ মূল্যবোধ স্বীকাৰ কৰি নোলোৱাহে তেন, ওপৰত উল্লেখ কৰা উপন্যাসৰ বৈশিষ্ট্য দুটা প্রকাশ নাপালেহেঁতেন। প্রথম ইংৰাজ ঔপন্যাসিক বিছার্ড ছনৰ 'পেমেলা' আৰু আৰু 'ক্লেবিছা হার্লো'- এই উপন্যাস দুখনত সাধাৰণ যুৱতী দুজনীক নায়িকা ৰূপে চিত্রিত কৰা সম্ভৱ হ'ল ব্যক্তি-স্বাতন্ত্র্য আৰু ব্যক্তিসত্তাৰ মূল্যায়নৰ ভেটিতহে।
এতিয়া আমি যদি উনবিংশ শতাব্দীৰ অসমৰ অৱস্থালৈ লক্ষ্য কৰে। তেন্তে ওপৰত উল্লেখ কৰা পৰিবেশ নাপাওঁ। অসমত তেতিয়া নগৰকেন্দ্ৰিক সভ্যতা দৰাচলতে গঢ়ি উঠা নাছিল, শিল্পাঞ্চল সৃষ্টি হোৱা নাছিল, ব্যক্তি-সত্তায়ো প্রতিপত্তি লাভ কৰ। নাছিল। বুজোৱা ব্যৱসায়ী নাইবা শিক্ষিত মধ্যবিত্ত সমাজেও ৰূপলোরা নাই,
মধ্যযুগীয় অসমীয়া উপন্যাসব প্রস্তুতি পর্ব্ব
সামাজিক গঠন তেতিয়ায় পূর্ণমাত্রাই প্রতিষ্ঠিত আছিল। এই শতাব্দীৰ শেষ দুই দশকৰ আগলৈকে ইংৰাজী শিক্ষাপ্রাপ্ত লোকৰ সংখ্যা আঙুলিৰ মূৰত লেখিব পৰা আহিল। ১৮৬৪ চনলৈকে গোটেই অসনত এজনেও এন্ট্রেঞ্চ পাছ কৰা নাছিল। ১৮৩৫ চনত এখন, ১৮৪৫ চনত দুখন আক ১৮৭৩ চনত মাত্র সাতখন হাইস্কুল গোটেই অসমত প্রতিষ্ঠিত হৈছিল। শিৱসাগৰ, গুৱাহাটী নামত নগৰ নাছিল। দুই চাৰিজন আমোলা-মহৰি সৃষ্টি হৈছিল যদিও তেওঁলোকৰ চাবেক ঘৰ গাঁৱত আৰু প্রধান ব্যৱসায় খেতিহে আছিল। ইৰাজী শিক্ষাৰ প্ৰতি অভিভাৱক সকলৰ ধাউতি বৰকৈ নাছিল। হেমকোষ-প্রখ্যাত হেমচন্দ্ৰ বৰুৱাই গোপনেহে ইংৰাজী শিকিব লগা হৈছিল। গতিকে দেখা যায় যে প্রশাসনীয় সুবিধাৰ কাৰণে চৰকাৰে দুই-চাদিখন নগৰ পাতিছিল যদিও প্রকৃত নাগৰিক পৰিবেশ আৰু সভ্যতা গঢ়ি উঠা নাছিল। পাশ্চাত্য শিক্ষাৰ ভাল পোহৰ নপৰা অনাগৰিক পৰিবেশত উপন্যাস সাহিত্যই জাপ লব নোৱাৰাটো স্বাভাৱিক কথা। শিক্ষাৰ বিস্তাৰ নঘটাৰ কাৰণে পাঠক সমাজো এটা সৃষ্টি হোৱা নাছিল। পাঠকৰ উৎসাহ নাপালে সাহিত্যই গা কৰি উঠিব নোৱাৰে। কিন্তু আমি যদি এই সনয়ৰ বন্ধ দেশলৈ চকু দিওঁ তেন্তে কেবাজনো প্রতিষ্ঠাশ'ল ঔপন্যাসিকৰ উদ্ভৱ দেখা পাওঁ। ইয়াৰ প্ৰধান কাৰণ ব্যৱসায়-বাণিজ্যৰ কেন্দ্রস্থল কলিকতা মহানগৰীৰ অৱস্থিতি আৰু পাশ্চাত্য শিক্ষাৰ দ্রুত প্ৰসাৰ। বঙ্কিমচন্দ্ৰ, ৰমেশচন্দ্ৰ এই দুজন প্রখ্যাত ঔপন্যাসিকে সপ্তম দশক পৰা একেৰাহে বহু কেইখন উপন্যাস প্রকাশ কৰে। বঙ্কিমচন্দ্ৰৰ প্ৰথম উপন্যাস 'দুর্গেশনন্দিনী' ১৮৬৪ চনত প্রকাশ হয়। ইয়াৰ আগতেও আংশিকভাৱে উপন্যাসধর্মী গদ্য কাহিনী ভালে কেইখন প্রকাশ হৈছিস। পোন প্রথমে উপন্যাস-কল্প ৰচনা 'নব বাবুবিলাস' ১৮২১ চনতে প্রকাশ হয়। ১৮৬৪ চনত 'দুর্গেশ-নন্দিনী'ৰ আবির্ভাৱে বঙ্গ সাহিত্যত উপন্যাসৰ যি দৃঢ় পদক্ষেপৰ সূচনা কৰিলে অসমীয়া উপন্যাস সাহিত্যত সেই পদ-ক্ষেপ আৰম্ভ হ'ল উনবিশংৰ শেষ দশকত, 'পদুম কুৱৰী', 'ভানুমতী', 'লাহৰী', 'মিৰি, জীয়ৰী' আদি উপন্যাসৰ সৃষ্টিৰ যোগেদি। অসমতকৈঅসমীয়া উপন্যাসৰ ভূমিকা
বহুত আগেয়ে পাশ্চাত্য শিক্ষাৰ পোহৰ পোৱা আৰু মহানগৰীৰ সুবিধা লাভ কৰা বঙ্গ সমাজে উপন্যাসৰ ক্ষেত্ৰত মাত্র ত্রিশ বছৰৰ প্রাচীনতা দাবী কৰিব পাৰে। অৱশ্যে এইছোৱা কালতে বঙ্গ-উপন্যাসে বহুদূৰ আগ বাঢ়ি গ'ল।
'ভানুমতী' বা 'মিৰি-জীয়ৰী' ৰচনাৰ আগৰ কালছোৱালৈ যদি আমি লক্ষ্য কৰোঁ তেন্তে সেই কালছোৱা উপন্যাসৰ ইতিহাস একেবাবে শূন্য বুলি কব নোৱাৰোঁ, এই কালছোৱাক উপন্যাস সাহিত্যৰ উত্থোগ-পর্ব বা প্ৰস্তুতিৰ পৰ্ব্ব বুলি কলে ভুল নহব। মোটামুটিভাৱে 'অৰুণদই'ৰ আৱিৰ্ভাৱৰপৰা 'জোনাকী'ৰ আৱিৰ্ভাৱলৈকে এই কালছোৱাক আমি অসমীয়া উপন্যাসৰ উদ্যোগ-পৰ্ব্ব বুলিব পাৰোঁ। তলৰ কেইটাত এই প্রস্তুতি পৰ্ব্বৰ এটি বিৱৰণ দাঙি ধৰা হ'ল।
অসমীয়া উপন্যাস, পাশ্চাত্য বিশেষকৈ ইংৰাজী শিক্ষা আৰু সাহিত্যব প্রভাৱৰ ফল। গতিকে প্রাক্-বৃটিছ যুগলৈ ইয়াৰ উহ বিচাৰি যোৱাৰ সার্থকতা নাই যদিও কাহিনী কোৱা আৰু শুনাৰ যি এটা স্বাভাৱিক প্রবৃত্তি মানুহৰ আছে আৰু যি প্রবৃত্তি বাস্তৱতাৰ ভেটিত চৰিতাৰ্থ কৰিবলৈ যোৱাৰ প্রয়াসতে উপন্যাসৰ জন্ম সেই প্রবৃত্তি প্রাকৃটিছ যুগত ৰামায়ণ, মহাভাৰত, পুৰাণাদিৰ কাহিনীয়ে, বধকাব্য, আৰু লোকগাঁথাসমূহে কিছু পৰিমাণে চৰিতাৰ্থ কৰিছিল। বিশেষকৈ ৰোমাঞ্চধৰ্ম্মী বধকাব্য আৰু প্রণয় কাব্যসমূহে অৱসৰ মুহূৰ্ত্তত জনসমাজৰ চিত্ত বিনোদন কৰিছিল; অৱশ্যে ধৰ্ম্মীয় প্রভাৱৰ প্রাবল্য আৰু অলৌকিক দেৱ-মাহাত্ম্যৰ কাৰণে এইবোৰ বাস্তৱ জীৱনবসত অভিষিক্ত হব নোৱাৰিছিল। এইবোৰৰ নায়ক-নায়িকা দেৱতা বা দেৱানুগৃহীত অসাধাৰণ নৰ-নাৰী। বাস্তৱ-জীৱনৰ সুখ-দুখ, মানৰ-চৰিত্ৰৰ স্বাভাৱিক আৰু বাস্তর অভিব্যক্তি ইয়াত পোৱা নাযায়, তদুপৰি ভক্তি বা ধৰ্ম্মভাবৰ পৰিমণ্ডল বা বাতাৱৰণৰ সৃষ্টি কৰিবলৈ বিবিধ প্ৰকাৰ ছন্দৰ মাধ্যমত বিষয়বস্তু ৰূপ দিবলৈ প্ৰয়াস কৰা হৈছিল। গতিকে এই প্রাচীন ধৰ্ম্মীয় কাব্যসমূহে কিছু পৰিমাণে আজিকালিৰ উপন্যাসৰ ঠাই লৈছিল যদিও সেইবোৰত উপন্যাসৰ প্রকৃতি বা লক্ষণ একো নাছিল।অসমীয়া উপন্যাসৰ প্ৰস্তুতি পৰ্ব্ব
ইংৰাজী শিক্ষা আৰু সাহিত্যৰ প্ৰসাৰৰ লগে লগে ধৰ্ম্মীয় গণ্ডীৰপৰা মুক্ত হৈ অসমীয়া সাহিত্যই বিস্তীর্ণ ক্ষেত্রলৈ ওলাই আহে। দেৱমাহাত্ম্যৰ ঠাই ললে মানৰমাহাত্মাই, অলৌকিকতাৰ ঠাই ললে বাস্তৱতাই, পাৰলৌকিক আকাঙ্ক্ষাৰ ঠাইত ঐহিক আশা-আকাঙ্ক্ষাই খোপনি পুতিলে আৰু সাহিত্যই ছন্দৰ নূপুৰ পিন্ধি নৃত্য ভঙ্গিমাত গতি নকৰি গদ্যব স্বাভানিক পদক্ষেপতে আগবাঢ়িল।
কিন্তু ইংৰাজসকল অহাৰ লগে লগেই যে এনে পৰিবৰ্তনৰ জোৱাৰ আহিল সি নহয়। দৰাচলতে ওপৰত উল্লেখ কৰা বৈশিষ্ট্যসমূহ সন্ডালনিকৈ দেখা দিয়ে ঊনবিংশ শতাব্দীৰ শেযার্দ্ধতহে। ইংৰাজবিলাকে দেশ অধিকাৰ ববি নতুন প্রশাসন-ব্যৱস্থা প্ৰৱৰ্ত্তন কৰিলে যদিও ভাষা আৰু সাহিত্য প্রতি তেওঁলোকে উদাসীনতা প্রদর্শন কৰিলে। কেৰল উদাসীনেই নহয়, সময়ে সময়ে তেওঁলোকে স্বার্থান্বেষী দলৰ প্ৰৰোচনাত বিৰুদ্ধাচৰণহে কবি-ছিল। ফলত অসমীয়া ভাষাৰ ঠাইত প্রায় চল্লিশ বছৰ বঙালী ভাষা শিক্ষালয় আৰু আদালতড় অন্যায়ভাৱে প্রৱৰ্ত্তন কৰি অসমীয়া ভাষা আৰু সাহিত্যৰ গতি ৰুদ্ধ কৰি দিয়ে। এই সময়ছোৱাত ব্যক্তিগত আৰু বেচবাকাৰী অনুষ্ঠানৰ প্রচেষ্টাত অসমীয়া ভাষা আৰু সহিত্যৰ চর্চ্চা কিছু নোহোৱাকৈ থকা নাছিল। এই বেচৰকাৰী অনুষ্ঠানৰ ভিতৰত আমেৰিকান বেপ্টিষ্ট মিছনেৰী ছোচাইটিৰ প্রচেষ্টা সৰ্ব্বপ্রথমে উল্লেখযোগ্য অৱশ্যে অসমীয়া সাহিত্যৰ উন্নতি এওঁলোকৰ উদ্দেশ্য নাছিল, তেনে হোৱাহেঁতেন তেওঁলোকে ধৰ্ম্মগ্রন্থ ৰচনা আৰু অনুবাদ নকৰি ছেক্সপীয়েৰ, মিল্টনৰ অমৰ গ্ৰন্থ অনুবাদ কৰিলেহেঁতেন। তেওঁলোকৰ উদ্দেশ্য যিয়েই নাথাকক, গদ্যক সাহিত্যৰ স্বাভাৱিক বাহনৰূপে প্রতিষ্ঠা কৰিলে এওঁলোকেই। উপন্যাস এবিধ গদ্য-কাহিনী, গতিকে গদ্যৰ প্রতিষ্ঠা নোহোৱাকৈ উপন্যাসৰ সৃষ্টি হব নোৱাৰে। পচীন অসমীয়াত গদ্যৰ প্রয়োগ নথকা নহয়, কিন্তু তাৰ প্রয়োগ আছিল সীমাবদ্ধ। সাহিত্যৰ প্রধান বাহন আছিল ছন্দ এই মিছনেবিসকলেই সাহিত্যৰ চুকত আত্মগোপন কৰি থকা গদ্যৰ উপ-পথক ৰাজপথলৈ পৰিণত কৰিলে। গদ্যৰ প্ৰতিষ্ঠ। আৰু বিকাশৰ লগত যুক্তিবাদৰ প্ৰসাৰ সংবাপত্র, মুদ্রাযন্ত্র, পাঠ্য পুস্তক আৰু শিক্ষা আৰুঅসমীয়া উপন্যাসৰ ভূমিকা
আৰু সংযোগ অৱশ্যেই মানি লব লাগিব। ভাবাবেগৰ স্বাভাৱিক বাহন, ছন্দ; যুক্তি আৰু বস্তুনিষ্ঠতাব স্বাভারিক বাহন গদ্য। মিছনে ৰিসকলে মুদ্রাযন্ত্রৰ প্রতিষ্ঠা, সংবাদপত্ৰৰ প্রকাশ, ব্যাকাৰণ আৰু অভিধান প্রণয়ন আৰু বিভিন্ন গদ্য পুথি প্রকাশৰ যোগেদি গছ্যক সাহিত্য প্রকাশৰ প্ৰধান মাধ্যমৰূপে প্রতিষ্ঠা কৰি উপন্যাস ৰচনাৰ পথ পৰিষ্কাৰ কৰিলে। 'অকণদই'ৰ যোগেদি দেশ-বিদেশৰ সংবাদ, আক পাশ্চাত্য দেশৰ ভাৱধাৰা পৰিৱেশন কৰি মানুহৰ মন যুক্তিনিষ্ঠ আৰু কথা-সাহিত্যৰ প্রতি স্পৃহা জগাই তোলে। দৈনন্দিক জীৱনত ব্যৱহাৰ্য্য কথিত ভাষাক সাইত্যিক বঙ্গদেশৰ মৰ্য্যাদা দান কৰি উপন্যাসৰ পথ সূচনা কৰি দিয়ে। শ্ৰীৰামপুৰৰ কেৰি চাহাবৰ তত্ত্বাৱধানত ১৮১৩ চনত পোন প্রথমে বাইবেল গদ্যলৈ ৰূপান্তৰিত হয়। এই বাইবেলৰ দ্বিতীয় সংস্কৰণ ১৮৩৩ খৃষ্টাব্দত প্রকাশ হয়। ইয়াৰ পাচত আমেৰিকান বেপ্টিষ্ট মিছনে বদলে অসমত প্ৰচাৰকেন্দ্ৰ স্থাপন কৰি গদ্যত বহু ট্রেক্ট বা প্ৰচাৰ পুস্তিকা আৰু গ্রন্থ প্রণয়ন আৰু প্ৰকাশ কৰে। ইয়াৰ ভিতৰতে বিশেষভাবে উল্লেখ-যোগ্য ব্রাউনৰ ব্যাকৰণ আৰু ব্ৰচনৰ অভিধান। অসমীয়া ভাষা যিমান দিন পদ্যবন্ধ ৰচনাৰ বাহন আছিল তিমান দিনে ব্যাকৰণ আৰু অভিধানৰ প্রয়োজন বিশেষ নাছিল। কিন্তু যেতিয়া ছপা গদ্যৰ প্ৰচাৰ হবলৈ ধৰিলে, পাঠ্য পুস্তক, চিন্তা আৰু মনন প্ৰক্ৰিয়াৰ গদ্য বাহন হৈ পৰিল আৰু ব্যৱহাৰিক জীৱনৰ লগত সাহিত্য কিছু পৰিমাণে সংযুক্ত হৈ পৰিল তেতিয়া ব্যাক্ৰণ আৰু অভিধানৰো প্ৰয়োজন হৈ পৰিল। এই কাৰ্য্যত প্রথমতে মিছনেৰিসকলে আৰু তাৰ পাছত হেমচন্দ্ৰ বৰুৱাই আত্মনিয়োগ কৰে আৰু গদ্য ৰচনাৰ সুদৃঢ় ভেটি নিৰ্ম্মাণ কৰি যায়। এনে ধৰণে ছন্দক প্রধান স্থানৰপৰা নমাই গদ্যক সাহিত্যৰ প্রধান মাধ্যমৰূপে প্রতিষ্ঠা কৰা হ'ল। ইয়াৰ পাচত লক্ষ্য কৰিবলগীয়া গদ্য-কাহিনীৰ উদ্ভৱ আৰু বিকাশৰ
খৃষ্ট-ধৰ্ম্ম
ধাৰা। ১৮৫০-৫১ চনত 'অৰুণোদই'ত ছোৱা
ছোৱাকৈ অনূদিত আৰু তাৰ বহু পাছত কিতাপ
"আকাৰে প্ৰকাশ হোৱা 'য। ত্ৰিকৰ যাত্রা' (জাত্রি-প্রচার কাহিনী কৰ জাত্রা) প্রথমে উল্লেখ কৰিব পৰি। অনুবাদকৰ নাম জনা নাযায়অসমীয়া উপন্যাসৰ প্ৰস্তুতি পৰ্ব্ব
সামাজিক গঠন তেতিয়ায় পূর্ণমাত্রাই প্রতিষ্ঠিত আছিল। এই শতাব্দীৰ শেষ দুই দশকৰ আগলৈকে ইংৰাজী শিক্ষাপ্রাপ্ত লোকৰ সংখ্যা আঙুলিৰ মূৰত লেখিব পৰা আছিস। ১৮৬৪ চনলৈকে গোটেই অসমত এজনেও এন্টেঞ্চ পাছ কৰা নাছিল। ১৮৩৫ চনত এখন, ১৮৪৫ চনত দুখন আৰু ১৮৭৩ চনত মাত্র সাতখন হাইস্কুল গোটেই অসমত প্রতিষ্ঠিত হৈছিল।
শিৱসাগৰ, গুৱাহাটী নামত নগৰ নাছিল। দুই চাৰিজন আমোলা-মহৰি সৃষ্টি হৈছিল যদিও তেওঁলোকৰ চাবেক ঘৰ গাঁৱত আৰু প্রধান ব্যৱসায় খেতিহে আছিল। ইবাজী শিক্ষাৰ প্রতি অভিভাৱক সকলৰ ধাউতি বৰকৈ নাছিল। হেমকোষ-প্রখ্যাত হেমচন্দ্ৰ বৰুৱাই গোপনেহে ইংৰাজী শিকিব লগা হৈছিল। গতিকে দেখা যায় যে প্রশাসনীয় সুবিধাৰ কাৰণে চৰকাৰে দুই-চাৰিখন নগৰ পাতিছিল যদিও প্রকৃত নাগৰিক পৰিবেশ আৰু সভ্যতা গড়ি উঠা নাছিল। পাশ্চাত্য শিক্ষাৰ ভাল পোহৰ নপৰা অনাগৰিক পৰিবেশত উপন্যাস সাহিত্যই জাপ লব নোৱাৰাটো স্বাভাৱিক কথা। শিক্ষাৰ বিস্তাৰ নঘটাৰ কাৰণে পাঠক সমাজো এটা সৃষ্টি হোৱা নাছিল।
পাঠকৰ উৎসাহ নাপালে সাহিত্যই গা কৰি উঠিব নোৱাৰে। কিন্তু আমি যদি এই সময়ৰ বন্ধু দেশলৈ চকু দিওঁ তেন্তে কেবাজনো প্রতিষ্ঠাশ'ল ঔপন্যাসিকৰ উদ্ভৱ দেখা পাওঁ। ইয়াৰ প্ৰধান কাৰণ ব্যৱসায়-বাণিজ্যৰ কেন্দ্রস্থল কলিকতা মহানগৰীৰ অৱস্থিতি আৰু পাশ্চাত্য শিক্ষাৰ দ্রুত প্ৰসাৰ। বঙ্কিমচন্দ্ৰ, ৰমেশচন্দ্ৰ এই দুজন প্রখ্যাত ঔপন্যাসিকে সপ্তম দশক পৰা একেৰাহে বহু কেইখন উপন্যাস প্রকাশ কৰে। বঙ্কিমচন্দ্ৰৰ প্ৰথম উপন্যাস 'দুর্গেশনন্দিনী' ১৮৬৪ চনত প্রকাশ হয়। ইয়াৰ আগতেও
আংশিকভারে উপন্যাসধর্মী গদ্য কাহিনী ভালে কেইখন প্রকাশ হৈছিল। পোন প্রথমে উপন্যাস-কল্প ৰচনা 'নব বাবুবিলাস' ১৮২১ চনতে প্রকাশ
হয়। ১৮৬৪ চনত 'দুর্গেশ-নন্দিনী'ৰ আবির্ভারে বঙ্গ সাহিত্যত উপন্যাসৰ যি দৃঢ় পদক্ষেপৰ সূচনা কৰিলে অসমীয়া উপন্যাস সাহিত্যত সেই পদ-
ক্ষেপ আৰম্ভ হ'ল উনবিশংৰ শেষ দশকত, 'পদুম কুৱৰী', 'ভানুমতী', 'লাহৰী', 'মিৰি জীয়ৰী' আদি উপন্যাসৰ সৃষ্টিৰ যোগেদি। অসমতকৈ২৬
অসমীয়া উপন্যাসৰ ভূমিকা
বহুত আগেয়ে পাশ্চাত্য শিক্ষাৰ পোহৰ পোৱা আৰু মহানগৰীৰ সুবিধা লাভ কৰা বঙ্গ সমাজে উপন্যাসৰ ক্ষেত্ৰত মাত্র ত্রিশ বছৰৰ প্রাচীনতা দাবী কৰিব পাৰে। অৱশ্যে এইছোৱো কালতে বঙ্গ-উপন্যাসে বহুদূৰ আগ বাড়ি গ'ল।
'ভানুমতী' বা 'মিৰি-জীয়ৰী' ৰচনাৰ আগৰ কালছোৱালৈ যদি আমি লক্ষ্য কৰোঁ তেন্তে সেই কালছোৱা উপন্যাসৰ ইতিহাস একেবাবে শূন্য বুলি কব নোৱাবো, এই কালছোৱাক উপন্যাস সাহিত্যৰ উত্থোগ-পর্ব্ব বা প্রস্তুতিৰ পৰ্ব্ব বুলি কলে ভুল নহব। মোটামুটিভারে 'অৰুণদই'ব আৱিৰ্ভাৱৰপৰা 'জোনাকী'ৰ আৱির্ভারলৈকে এই কালছোৱাক আমি অসমীয়া উপন্যাসৰ উদ্যোগ-পৰ্ব্ব বুলিব পাৰে।। তলৰ কেইটাত এই প্রস্তুতি পৰ্ব্ব'ৰ এটি বিৱৰণ দাঙি ধৰা হ'ল।
অসমীয়া উপন্যাস, পাশ্চাত্য বিশেষকৈ ইংৰাজী শিক্ষা আৰু সাহিত্যৰ প্রভাৱৰ ফল। গতিকে প্রাক্-বৃটিছ যুগগৈ ইয়াৰ উহ বিচাৰি যোৱাৰ সার্থকতা নাই যদিও কাহিনী কোৱা আৰু শুনাৰ যি এটা স্বাভাৱিক প্রবৃত্তি মানুহৰ আছে আৰু যি প্রবৃত্তি বাস্তৱতাৰ ভেটিত চৰিতাৰ্থ কৰিবলৈ যোৱাৰ প্রয়াসতে উপন্যাসৰ জন্ম সেই প্রবৃত্তি প্রাকৃটিছ যুগত ৰামায়ণ, মহাভাৰত, পুৰাণাদিৰ কাহিনীয়ে, বধকাব্য, আৰু লোকগাঁথাসমূহে কিছু পৰিমাণে চৰিতাৰ্থ কৰিছিল। বিশেষকৈ ৰোমাঞ্চধর্মী বধকাব্য আৰু প্রণয় কাব্যসমূহে অৱসৰ মুহূৰ্ত্তত জনসমাজৰ চিত্ত বিনোদন কৰিছিল; অৱশ্যে ধৰ্ম্মীয় প্রভাৱৰ প্রাবল্য আৰু অলৌকিক দেৱ-মাহাত্ম্যৰ কাৰণে এইবোৰ বাস্তৱ জীৱনবসত অভিষিক্ত হব নোৱাৰিছিল। এইবোৰৰ নায়ক-নায়িকা দেৱতা বা দেৱানুগৃহীত অসাধাৰণ নৰ-নাৰী। বাস্তৱ-জীৱনৰ সুখ-দুখ, মানব-চৰিত্ৰৰ স্বাভাৱিক আৰু বাস্তৱ অভিব্যক্তি ইয়াত পোৱা নাযায়, তদুপৰি ভক্তি বা ধৰ্ম্মভাবৰ পৰিমণ্ডল বা বাতাৱৰণৰ সৃষ্টি কৰিবলৈ বিবিধ প্ৰকাৰ ছন্দৰ মাধ্যমত বিষয়বস্তু রূপ দিবলৈ প্ৰয়াস কৰা হৈছিল। গতিকে এই প্রাচীন ধর্মীয় কাব্যসমূহে কিছু পৰিমাণে আজিকালিৰ উপন্যাসৰ ঠাই লৈছিল যদিও সেইবোৰত উপন্যাসৰ প্ৰকৃতি বা লক্ষণ একো নাছিল।অসমীয়া উপন্যাসৰ প্ৰস্তুতি পৰ্ব্ব
ইংৰাজী শিক্ষা আৰু সাহিত্যৰ প্ৰসাৰৰ লগে লগে ধৰ্ম্মীয় গণ্ডীৰপৰা মুক্ত হৈ অসমীয়া সাহিত্যই বিস্তীর্ণ ক্ষেত্রলৈ ওলাই আহে। দেৱমাহাত্ম্যৰ ঠাই ললে মানরমাহাত্ম্যই, অলৌকিকতাৰ ঠাই ললে বাস্তৱতাই, পাৰলৌকিক আকাঙ্ক্ষাব ঠাইত ঐহিক আশা-আকাঙ্ক্ষাই খোপনি পুতিলে আৰু সাহিত্যই ছন্দৰ নূপুৰ পিদ্ধি নৃত্য ভঙ্গিমাত গতি নকৰি গছাৰ স্বাভাবিক পদক্ষেপতে আগবাঢ়িল।
কিন্তু ইংৰাজসকল অহাৰ লগে লগেই যে এনে পৰিবৰ্ত্তনৰ জোৱাৰ আহিল সি নহয়। দৰাচলতে ওপৰত উল্লেখ কৰা বৈশিষ্ট্যসমূহ সন্ডালনিকৈ দেখা দিয়ে ঊনবিংশ শতাব্দীর শেষার্দ্ধতহে। ইংৰাজবিলাকে দেশ অধিকাৰ বৰি নতুন প্রশাসন-ব্যৱস্থা প্রৱৰ্ত্তন কৰিলে যদিও ভাষা আৰু সাহিত্য প্রতি তেওঁলোকে উদাসীনতা প্রদর্শন কৰিলে। কেরল উদাসীনেই নহয়, সময়ে সময়ে তেওঁলোকে স্বার্থান্বেষী দলৰ প্ৰৰোচনাত বিৰুদ্ধাচৰণহে কবি-ছিল। ফলত অসমীয়া ভাষাৰ ঠাইত প্রায় চল্লিশ বছৰ বঙালী ভাষা শিক্ষালয় আৰু আদালতড় অন্যায়ভাৱে প্রৱর্ত্তন কৰি অসমীয়া ভাব আৰু সাহিত্যৰ গতি ৰুদ্ধ কৰি দিয়ে। এই সময়ছোৱাত ব্যক্তিগত আৰু বেচৰকাৰী অনুষ্ঠানৰ প্ৰচেষ্টাত অসমীয়া ভাষা আৰু সহিত্যৰ চর্চ্চা কিছু নোহোৱাকৈ থকা নাছিল। এই বেচৰকাৰী অনুষ্ঠানৰ ভিতৰত আমেৰিকান বেপ্টিষ্ট মিছনেৰি ছোচাইটিৰ প্ৰচেষ্টা সর্ব্বপ্রথমে উল্লেখযোগ্য অৱশ্যে অসমীয়া সাহিত্যৰ উন্নতি এওঁলোকৰ উদ্দেশ্য নাছিল, তেনে হোৱাহেঁতেন তেওঁলোকে ধৰ্ম্মগ্রন্থ ৰচনা আৰু অনুবাদ নকৰি ছেক্সপীয়েৰ, মিল্টনৰ অমৰ গ্ৰন্থ অনুবাদ কৰিলেহেঁতেন। তেওঁলোকৰ উদ্দেশ্য যিয়েই নাথাকক, গদ্যক সাহিত্যৰ স্বাভাৱিক বাহনরূপে প্রতিষ্ঠা কৰিলে এওঁলোকেই। উপন্যাস এবিধ গদ্য-কাহিনী, গতিকে গদ্যৰ প্রতিষ্ঠা নোহোৱাকৈ উপন্যাসৰ সৃষ্টি হব নোৱাৰে। প্রচীন অসমীয়াত গদ্যৰ প্ৰয়োগ নথকা নহয়, কিন্তু তাৰ প্রয়োগ আছিল সীমাবদ্ধ। সাহিত্যৰ প্ৰধান বাহন আছিল ছন্দ এই মিছনেৰিসকলেই সাহিত্যৰ চুকত আত্মগোপন কৰি থকা গদ্যৰ উপ-পথক ৰাজপথলৈ পৰিণত কৰিলে। গদ্যৰ প্ৰতিষ্ঠ। আৰু বিকাশৰ লগত যুক্তিবাদৰ প্ৰসাৰ সংবাপত্র, মুদ্রাযন্ত্র, পাঠ্য পুস্তক আৰু শিক্ষা আৰুঅসমীয়া উপন্যাসৰ প্ৰস্তুতি পৰ্ব্ব
ইংৰাজী শিক্ষা আৰু সাহিত্যৰ প্ৰসাৰৰ লগে লগে ধৰ্ম্মীয় গণ্ডীৰপৰা মুক্ত হৈ অসমীয়া সাহিত্যই বিস্তীর্ণ ক্ষেত্রলৈ ওলাই আহে। দেৱমাহাত্ম্যৰ ঠাই ললে মানরমাহাত্ম্যই, অলৌকিকতাৰ ঠাই ললে বাস্তৱতাই, পাৰলৌকিক আকাঙ্ক্ষাব ঠাইত ঐহিক আশা-আকাঙ্ক্ষাই খোপনি পুতিলে আৰু সাহিত্যই ছন্দৰ নূপুৰ পিদ্ধি নৃত্য ভঙ্গিমাত গতি নকৰি গছাৰ স্বাভাবিক পদক্ষেপতে আগবাঢ়িল।
কিন্তু ইংৰাজসকল অহাৰ লগে লগেই যে এনে পৰিবৰ্ত্তনৰ জোৱাৰ আহিল সি নহয়। দৰাচলতে ওপৰত উল্লেখ কৰা বৈশিষ্ট্যসমূহ সন্ডালনিকৈ দেখা দিয়ে ঊনবিংশ শতাব্দীর শেষার্দ্ধতহে। ইংৰাজবিলাকে দেশ অধিকাৰ বৰি নতুন প্রশাসন-ব্যৱস্থা প্রৱৰ্ত্তন কৰিলে যদিও ভাষা আৰু সাহিত্য প্রতি তেওঁলোকে উদাসীনতা প্রদর্শন কৰিলে। কেরল উদাসীনেই নহয়, সময়ে সময়ে তেওঁলোকে স্বার্থান্বেষী দলৰ প্ৰৰোচনাত বিৰুদ্ধাচৰণহে কবি-ছিল। ফলত অসমীয়া ভাষাৰ ঠাইত প্রায় চল্লিশ বছৰ বঙালী ভাষা শিক্ষালয় আৰু আদালতৰ অন্যায়ভাৱে প্রৱর্ত্তন কৰি অসমীয়া ভাবা আৰু সাহিত্যৰ গতি ৰুদ্ধ কৰি দিয়ে। এই সময়ছোৱাত ব্যক্তিগত আৰু বেচৰাকাৰী অনুষ্ঠানৰ প্ৰচেষ্টাত অসমীয়া ভাষা আৰু সহিত্যৰ চর্চ্চা কিছু নোহোৱাকৈ থকা নাছিল। এই বেচৰকাৰী অনুষ্ঠানৰ ভিতৰত আমেৰিকান বেপ্টিষ্ট মিছনেৰি ছোচাইটিৰ প্ৰচেষ্টা সর্ব্বপ্রথমে উল্লেখযোগ্য অৱশ্যে অসমীয়া সাহিত্যৰ উন্নতি এওঁলোকৰ উদ্দেশ্য নাছিল, তেনে হোৱাহেঁতেন তেওঁলোকে ধৰ্ম্মগ্রন্থ ৰচনা আৰু অনুবাদ নকৰি ছেক্সপীয়েৰ, মিল্টনৰ অমৰ গ্ৰন্থ অনুবাদ কৰিলেহেঁতেন। তেওঁলোকৰ উদ্দেশ্য যিয়েই নাথাকক, গদ্যক সাহিত্যৰ স্বাভাৱিক বাহনরূপে প্রতিষ্ঠা কৰিলে এওঁলোকেই। উপন্যাস এবিধ গদ্য-কাহিনী, গতিকে গদ্যৰ প্রতিষ্ঠা নোহোৱাকৈ উপন্যাসৰ সৃষ্টি হব নোৱাৰে। প্রচীন অসমীয়াত গদ্যৰ প্ৰয়োগ নথকা নহয়, কিন্তু তাৰ প্রয়োগ আছিল সীমাবদ্ধ। সাহিত্যৰ প্ৰধান বাহন আছিল ছন্দ এই মিছনেৰিসকলেই সাহিত্যৰ চুকত আত্মগোপন কৰি থকা গদ্যৰ উপ-পথক ৰাজপথলৈ পৰিণত কৰিলে। গদ্যৰ প্ৰতিষ্ঠ। আৰু বিকাশৰ লগত যুক্তিবাদৰ প্ৰসাৰ সংবাপত্র, মুদ্রাযন্ত্র, পাঠ্য পুস্তক আৰু শিক্ষা আৰুঅসমীয়া উপন্যাসৰ ভূমিকা
আৰু সংযোগ অরন্দ্রেই মানি লব লাগিব। ভাবাবেগৰ স্বাভারিক বাহন, ছন্দ: যুক্তি আৰু বস্তুনিষ্ঠতার স্বাভারিক বাহন গদ্য। মিছনে ৰিসকলে মুদ্রাযন্ত্রন প্রতিষ্ঠা, সংবাদপত্ৰৰ প্রকাশ, ব্যাকাৰণ আৰু অভিধান প্রণয়ন আৰু বিভিন্ন গল্প পুথি প্রকাশৰ যোগেদি গন্থাক সাহিত্য প্রকাশৰ প্ৰধান মাধ্যমরূপে প্রতিষ্ঠা কৰি উপন্যাস ৰচনাৰ পথ পৰিষ্কাৰ কৰিলে। 'অৰুণদই'ৰ যোগেদি দেশ-বিদেশৰ সংবাদ, আক পাশ্চাত্য দেশৰ ভাৱধাৰা পৰিৱেশন কৰি মানুহৰ মন যুক্তিনিষ্ঠ আৰু কথা-সাহিত্যৰ প্রতি স্পৃহা জগাই তোলে। দৈনন্দিক জীৱনত ব্যৱহাৰ্য্য কথিত ভাষাক সাইত্যিক দান কৰি উপন্যাসৰ পথ সূচনা কৰি দিয়ে। বঙ্গদেশৰ মর্য্যাদা শ্ৰীৰামপুৰৰ কেৰি চাহাবৰ তত্ত্বাৱধানত ১৮১৩ চনত পোন প্রথমে বাইবেল গদ্যলৈ ৰূপান্তৰিত হয়। এই বাইবেলৰ দ্বিতীয় সংস্কৰণ ১৮৩৩ খৃষ্টাব্দত প্রকাশ হয়। ইয়াৰ পাচত আমেৰিকান বেপ্টিষ্ট মিছনে দিলে অসমত প্ৰচাৰকেন্দ্ৰ স্থাপন কৰি গছাত বহু ট্রেক্ট বা প্ৰচাৰ পুস্তিকা আৰু গ্রন্থ প্রণয়ন আৰু প্রকাশ কৰে। ইয়াৰ ভিতৰতে বিশেষভাবে উল্লেখ-যোগ্য ব্রাউনৰ ব্যাকৰণ আৰু ব্ৰচনৰ অভিধান। অসমীয়া ভাষা যিমান দিন পছ্যবন্ধ ৰচনাৰ বাহন আছিল তিমান দিনে ব্যাকৰণ আৰু অভিধানৰ প্রয়োজন বিশেষ নাছিল। কিন্তু যেতিয়া ছপা গদ্যৰ প্ৰচাৰ হবলৈ ধৰিলে, পাঠ্য পুস্তক, চিন্তা আৰু মনন প্ৰক্ৰিয়াৰ গদ্য বাহন হৈ পৰিল আৰু ব্যৱহাৰিক জীৱনৰ লগত সাহিত্য কিছু পৰিমাণে সংযুক্ত হৈ পৰিল তেতিয়া ব্যাকৰণ আৰু অভিধানৰো প্ৰয়োজন হৈ পৰিল। এই কাৰ্য্যত প্রথমতে মিছনেবিসকলে আৰু তাৰ পাছত হেমচন্দ্ৰ বৰুৱাই আত্মনিয়োগ কৰে আৰু গদ্য ৰচনাৰ সুদৃঢ় ভেটি নিৰ্ম্মাণ কৰি যায়। এনে ধৰণে ছন্দক প্রধান স্থানৰপৰা নমাই গদ্যক সাহিত্যৰ প্রধান মাধ্যমৰূপে প্রতিষ্ঠা কৰা হ'ল।
ইয়াৰ পাচত লক্ষ্য কৰিবলগীয়া গদ্য-কাহিনীৰ উদ্ভৱ আৰু বিকাশৰ
খৃষ্ট-ধৰ্ম্ম
ধাৰা। ১৮৫০-৫১ চনত 'অৰুণোদই'ত ছোৱা
ছোৱাকৈ অনূদিত আৰু তাৰ বহু পাছত কিতাপ
আকাৰে প্ৰকাশ হোৱা 'যাত্ৰিকৰ যাত্রা' (জাত্রি-প্রচার কাহিনী কৰ জাত্রা) প্রথমে উল্লেখ কৰিব পৰি। অনুবাদকৰ নাম জনা নাযায়অসমীয়া উপন্যাসৰ প্ৰস্তুতি পৰ্ব্ব
যদিও ই ব্রাউন চাহাবৰ ৰচনা সেই বিষয়ে সন্দেহ নাই। পাপভাবক্লিষ্ট মানুহ কেনেকৈ মুক্তিপথৰ (Path of salvation) পথিক হয় আৰু শেষত ভগবৎ দর্শনলাভবন্ধাৰ। জীৱন ধন্য কৰিব পাৰে ৰূপকৰ মাধ্যমেৰে মুমুক্ষৰ সেই মানস ইতিহাস অপূর্ব সমীক্ষা আৰু সহানুভূতিৰে বুনিয়নে বর্ণনা কৰিছে। বুনিয়নে গ্রন্থাবহৃত কৈছে-"As I walked through wilderness of this world I lighted or. a certain place where was a den and laid me down in the place to sleep and as I slept I dreamt a dream," অর্থাৎ স্বপ্নৰ সহায়ত মোক্ষপথৰ যাত্ৰীৰ যাত্ৰাৰ অভিজ্ঞতা বর্ণনা কৰিছে। ইয়াৰ চৰিত্ৰবোৰো ৰূপাকত্মক, যেনে Mr. Worldly Wiseman, Ignorance, Piety, Talkative, Faithful ইত্যাদি। রূপকাশ্রিত হলেও চৰিত্ৰবোৰে নিষ্প্রাণ আৰু নিস্তেজ বুলিব নোৱাৰি, ৰূপকৰ আৱৰণ ভেদ কৰি চৰিত্ৰবোৰে পাঠকৰ অন্তৰত জীরন্ত রূপে প্রতিভাত হয়। ইংবাজী সাহিত্যত এই Piligrim's Progress ক উপন্যাস-সাহিত্যৰ নির্মাণত প্রথম ইষ্টক বুলি ধৰা হয়। মিছনেৰিসকলে রূপকাত্মক কাহিনীটো কথিত গদ্যত অনুবাদ কৰি দীর্ঘায়তন গদ্য-কাহিনীৰ বা উপন্যাসৰ পথৰ সম্ভেদ দি যায়। অৱশ্যে 'যাত্ৰিকৰ যাত্রা'ত যি গদ্য প্রয়োগ কৰা হৈছে সি পৰিমার্জিত কলাত্মক (artistic) গদ্য নহয়, আৰু কিছু পৰিমাণে ইংৰাজী বাক্যৰীত্যাশ্রয়ী। তদুপৰি ইয়াৰ কাহিনী ভাগ সুদৃঢ় বা সুসংবদ্ধ নহয়। খৃষ্টীয়ান, বিশেষকৈ পূউৰিটান মতবাদ আৰু বিশ্বাস প্রতিষ্ঠা কৰিবলৈ ইয়াত ৰূপকৰ সহায় লৈছে। দহোট। অধ্যায়ত বর্ণিত হোৱা কথাসমূহৰ সংযোগ সেতু হ'ল মোক্ষপ্রয়াসী খৃষ্টীয়ান জন, যি জনৰ আধ্যাত্মিক যাত্ৰাৰ বিৱৰণেই মূল প্রতিপাদ্য বিষয়। অনুবাদ হলেও, অসংস্কৃত গদ্যত ৰছিত হলেও, আৰু জীৱনৰসাশ্রিত সুসংবদ্ধ কাহিনীৰ অভাৱ সত্ত্বেও 'যাত্ৰিকৰ যাত্রাই' ভবিষ্যত উপন্যাস-সাহিত্যৰ সম্ভাৱনা দাঙি ধৰিছিল। এই মিছনেৰিসকলে বাইবেলৰ 'অ'ল্ড টেষ্টামেন্ট'ৰ কথ আৰু যোচেফৰ কাহিনীও (Story of Ruth) অসমীয়া গদ্যলৈ ৰূপান্তৰিত কৰি কাহিনী ৰচনাৰ পথ মুকলি কৰি যায়। বাইবেলৰ এইgo
অসমীয়া উপন্যাসৰ ভূমিকা
কথৰ কাইনীটো বৰ মনোৰম। এ. কে. গালিয়ে ১৮৮০-৮১ চনত কপ আৰু যোচেফৰ কথা ৰচনা কৰে।
'যাতিকৰ যাত্রা' আৰু 'কথৰ কাহিনী' বচনা কৰাৰ মাজতে কেইবাখনো উল্লেখযোগ্য কাহিনীমূলক প্ৰচাৰগ্ৰন্থ মিছমেৰিসকলে প্রকাশ কৰে। এই কেইখন হল 'কানিনীকান্ত' (১৮৪৭),' এলোকেশী বেশ্যাৰ কথা' (১৮৭৭), 'ফুলমণি আৰু করুণা'। এই তিনিও খন গ্রন্থ বেভাৰেণ্ড গাণি চাহাবৰ তত্ত্বাৱধানত ৰচিত আৰু প্রকাশিত হয়। 'কামিনীকান্ত' আৰু 'এলোকেশী বেশ্যাৰ কথা' নিঃ গাণিয়ে আৰু 'ফুলমণি আৰু করুণা' শ্রীমতী গাণিয়ে লিখে। 'এলোকেশী বেশ্যাৰ কথা' আৰু 'ফুলমণি আৰু কৰুণা' বঙলা ভাষাৰপৰা অনূদিত। প্রথমখন মিছ এম. ই. লেছলিয়ে ৰচনা কৰা উদ্দেশ্য-ধর্মী উপন্যাসিকাৰ ভাঙনি। মিছ লেছলিৰ মূল উপন্যাসিকাখন রঙলাত নে ইংৰাজী ভাষাত ৰচিত হৈছিল জনা নাযায়। কিন্তু কাহিনীটোৰ নায়ক-নায়িকা বঙালী, পটভূমি কলিকতা আৰু ৰচিত হৈছিল বঙালী সমাজক উদ্দেশ্য কবি। গতিকে ইংৰাজী ভাষাত মূল কাহিনীটো ৰচনা কৰা কথাটো বৰ বিশ্বাসযোগ্য নহয়। 'ফুলমণি আৰু কৰুণা' মিছেচ মুলেনৰ বঙলা কাহিনীৰ অসমীয়া অনুবাদ। এইটো অনুবাদ কবে শ্রীমতী গাণিয়ে। তলত এই কাহিনী দুটাৰ চমু বিৱৰণ দাঙি ধৰা হ'ল।
'এলোকেশী বেশ্যাৰ কথা' ১৮৭৭ চনত প্রকাশ হয়, পুস্তিকাখন ৩৪ পিঠীয়া। ইয়াত এলোকেশী নামৰ এজনী কুমলীয়া কালতে বিধবা হোৱা যুৱতীৰ জীৱনৰ বিচিত্র অভিজ্ঞতা, প্রলোভনত পৰি পদস্খলন ৰক্ষিতা আৰু পাচত বেশ্যারূপে জীৱন-যাপন আৰু সৰ্ব্ব শেষত উদাৰ খৃষ্ট ধৰ্ম্মত আশ্রয় লৈ পৱিত্ৰ জীৱনৰ পথলৈ প্ৰত্যাৱৰ্ত্তন প্ৰদৰ্শন কৰিছে।
কাহিনীটো চমুকৈ এনে:
বালিকা বয়সতে এলোকেশীৰ বিয়া হয়। স্বামীনো কি বুজিব পৰা নৌ হওঁতে আঠ বছৰ বয়সতে বিধবা হয়। বয়স বাঢ়ি যোৱাৰ লগে লগে পিতৃ গৃহতে তাই সামান্য লিখা-পঢ়া আৰু কাপোৰত ফুলতোলা আদি শিপিনী কাৰ্য্য শিকে। লাহে লাহে তাই ভালপোৱা কি বস্তু বুজিব পৰা হয়।
তাই পে ঘঅসমীয়া উপন্যাসৰ প্ৰস্তুতি পৰ্কা
তাইৰ ককায়েকৰ বন্ধু ক্ষেত্রমোহনব লগত এদিন পরিচয় হয় আৰু ফুলনিত লগ পাই তাইৰ ৰূপৰ প্রশংসা কবে আৰু বৈধব্য অৱস্থাৰ কথা কৈ সহানু-ভূতি প্রকাশ কবে। ক্ষেত্রমোহনব প্রশংসা আৰু সহানুভূতিয়ে তাইব মন গলাই পেলায়। মন-ভুলোৱা কথাত তাইব প্রত্যয় জন্মি এদিন ক্ষেত্রবাবুৰ লগতে ঘবৰপৰা পলাই গ'ল। ক্ষেত্র বাবুরে তাইক সুকীয়াকৈ থাকিবলৈ সুবিধা কৰি দিলে আৰু ৰক্ষিতা বা উপপত্নী স্বরূপে ৰাখিলে। ক্ষেত্রবাবুরে নিজব পত্নীক অৱহেলা কষি বক্ষিতা এলোকেশীৰ প্রতি অনুবক্ত হ'ল। এনে সময়তে এদিন তাই খৃষ্টধৰ্ম্ম'ৰ প্ৰচাৰিকা এজনীৰ লগত পৰিচয় হ'ল আৰু মহাপ্রভু যীশুরে কেনেকৈ এজনী পতিতা তিৰোতাক উদ্ধাৰ কৰিছিল তাৰ বিৱৰণ প্ৰচাৰিকাৰ মুখৰপৰা শুনিবলৈ পায়। এলোকেশীৰ লগত প্ৰচাৰিকাৰ ঘনিষ্ঠতা ক্রমে বাড়ি যোৱা দেখি ভয় পাই ক্ষেত্রবাবুৰ প্রচাৰিকাৰ বাট বন্ধ কৰি দিয়ে। ক্ষেত্রবাবুব নতুন আমোদ-প্রমোদব আয়োজনত এলোকেশীৰ বাইবেল ঢুকত সোমাল। কিন্তু দুর্ভাগ্যক্রমে কিছু দিনৰ পাচত ক্ষেত্ৰবাবুৰ বেনাৰত মৃত্যু হ'ল। এলোকেশী পুনৰ নিঠকরা হ'ল। তাইৰ জীৱিকাৰ উৎস বন্ধ হ'ল। গহনা-গাখৰি বেচি এনেকৈ কিছুদিন চলিল। কিন্তু শেষত যেতিয়া কোনো উপায় নোহোৱা হ'ল তেতিয়া তাই বেশ্যা-বৃত্তি অৱলম্বন কৰিবলৈ বাধ্য হ'ল। বেশ্যা-বৃত্তি ললেও কিছুদিনৰ মূৰত তাইৰ মনলৈ অনুশোচনা আহিবলৈ আৰম্ভ কৰে। প্রচাবিকাই তাইৰ মনত ইতিপূৰ্ব্বেই যি খৃষ্ট ধৰ্ম্মৰ বীজ বপন কৰিছিল এতিয়া সিয়েই অঙ্কুৰিত হয়। তাই আকৌ বাইবেল পঢ়িবলৈ আৰম্ভকৰে। কিছুদিনৰ মূৰত তাই নিৰাশ্ৰয় আৰু অসুস্থ অনুভৱ কৰি হস্পিটেলত আশ্রয় লয় আৰু তাতে এগৰাকী ধাৰ্ম্মিক তিৰোতাক লগ পায়। তাই এলোকেশীক বাইবেল পঢ়ি শুনায় আৰু খৃষ্ট ধৰ্ম্মত শৰণ লবলৈ অনুপ্ৰেৰণা দিয়ে। সেই মানুহ গৰাকীৰ প্রভাৱতে এলোকেশীয়ে খৃষ্টধৰ্ম্ম গ্রহণ কৰে আৰু জীৱনৰ শেষ কালছোৱা পবিত্র জীৱন যাপন কৰি শান্তিৰে কটায়।
ওপৰত দিয়া কাহিনীটোৰ ৰূপৰেখাৰপৰা এইটো সহজে ধৰিব পাৰি যে ইয়াত এখন পূর্ণাঙ্গ উপন্যাসৰ মৌলিক উপদান নিহিত আছে। আমাৰ৪২
অসমীয়া উপন্যাসৰ ভূমিকা
হিন্দু সমাজত বালবিধবাৰ সম্যাটো এসময়ত বৰ জটিল সমস্যা হৈ পৰি-ছিল। বহুতো হতভাগিনী তিবোতাই জৈরিক তাড়না, প্রলোভন, প্রবঞ্চনাত পৰি সমাজভ্ৰষ্টা হৈছিল, নাইবা দেহৰক্ষাৰ আন উপায় নাপাই বেশ্যাবৃত্তি অৱলম্বন কৰিব লগাত পৰিছিল। নিষ্ঠুৰ সমাজ-ব্যৱস্থাত ক্ষতবিক্ষত হোৱা এনে বালবিধবাৰ কৰুণ ইতিহাসৰ এটি বাস্তৱ অথচ অতি চমু আক সবল নিবাভবণ চিত্র 'এলোকেশী বেশ্যাৰ কথা'ই দাঙি ধৰিছে।
কাহিনীটে। জটিল নহয়, চৰিত্ৰ নাইবা পৰিস্থিতিৰ ব্যাপক বিশ্লেষণো ইয়াত নাই। খৃষ্টধৰ্ম্মৰ গুণ আৰু প্রশংসাবাণীয়ে কাহিনীটোৰ ঠায়ে ঠায়ে বসভঙ্গ কৰিছে যদি এলোকেশীৰ প্ৰতি পাঠকৰ সহানুভূতি নাজাগি নাথাকে। উপন্যাসৰ বাস্তৱতা ইয়াত আছে কিন্তু কাহিনী ৰচনাৰ নতুনত্ব আৰু বৈচিত্র্য, চৰিত্র বিশ্লেষণ আৰু ঘটনা পৰম্পৰাৰ সজীৱ চিত্ৰণ ইযাত নাই।
'কামিনীকান্ত'। 'এলোকেশী বেশ্যার কথা'ৰ সমকালীন ৰচনা এলোকেশী কাহিনীৰ দৰে এই কাহিনীৰো পটভূমি কলিকতাৰ কাষৰীয়া ঠাই, আৰু নায়ক-নায়িকা বঙালী সমাজৰ অন্তভুক্ত। কাহিনীটোৰ চমু বিৱৰণ এনে:
কলিকতাৰ কাষৰ গৌৰীপুৰ গাঁৱৰ ৰামজয় বন্দ্যোপাধ্যায়ৰ দুজনী ছোৱালী আৰু এটি ল'ৰা। ডাঙৰজনী ছোৱালীৰ নাম সৰলা ল'ৰা-টোৰ নাম অম্বিকাচৰণ, বি-এ পাছ। সবলা গাভৰু, কামিনীকান্ত বিৱাহিতা। ওচৰৰ প্ৰতাপপুৰ গাঁৱৰ ৰামচন্দ্ৰ চট্টোপাধ্যায়ৰ শিক্ষিত পুতেক কামিনীকান্তলৈ সৰলাক বিয়া দিয়া হৈছিল।কামিনীকান্তই খৃষ্টধৰ্ম্মৰ সত্যতা উপলব্ধি কৰি পিতাক আৰু শহুৰেক কাৰো অনুমতি নোলোৱাকৈ সেই ধৰ্ম্ম গ্রহণ কৰিলে। পিতাক ৰামচন্দ্ৰই হিন্দু ধৰ্ম্মলৈ ঘূৰাই আনিবলৈ অনেক তর্ক-বিতর্ক আৰু বুজনি দিও বিফল হৈ পুতেকৰ লগত সকলো সম্পর্ক ছেদ কৰি উভতি আহিল। শহুৰেক ৰাম-জয়েও চেষ্টা কৰি ব্যৰ্থ হ'ল; সৰলাৰ চকুপানীয়ে বাট নেদেখা হ'ল। এনেতে সৰলাৰ বান্ধৱী হেমাঙ্গীৰ স্বামী নৰেন্দ্ৰই কামিনীকান্তক লগ ধৰি সৰলাৰ অৱস্থাৰ কথা বিৰি কোৱাত কামিনীকান্তই কলে- “মই সৰলাক একদিনৰ নিমিত্তেও পাহৰা নাই” এই বুলি নৰেন্দ্ৰৰ হাতত সৰলালৈঅসমীয়া উপন্নাসর প্রস্তুতি পর্ব্ব
এখন চিঠি দিলে। এনেকৈ স্বামী-স্ত্রীৰ মাজত পত্র-বিনিময় হবলৈ ধৰিলে।
শ্রানকৈ কামিনীকান্তই আঠখন আৰু তাৰ প্ৰত্যুত্তৰত সবলাই চাৰিখন চিঠি দিয়ে। প্রত্যেকখনতে কামিনীকান্তই খৃষ্টধৰ্ম্ম'ৰ সত্যতা আৰু শ্রেষ্টতা। যুক্তি সহকাৰে প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰে। সেই চিঠিত দাঙি ধৰা যিবোৰ যুক্তি সৰলাই বুজিব আৰু বিশ্বাস কৰিবলৈ টান পাইছিল সেইবোৰ সম্বন্ধে তেওঁৰ মন্তব্য বা ধাৰণাৰ কথা প্রত্যুত্তৰত জনাইছিল। এইবোৰ স্বামী-স্ত্রীব প্রণয়-পত্র নহয় আৰু ইয়াত বিবহ-বিচ্ছেদ। হা-মুনিয়াহ নাই, আছে মাথে। খৃষ্টধৰ্ম্ম সম্পর্কে আলোচনা আৰু যুক্তি। অৱশেষত সৰলায়ো স্বামীৰ যুক্তিত প্রত্যয় মানি তেওঁকে অনুসৰণ কৰিলে, অর্থাৎ খৃষ্টধৰ্ম্ম গ্রহণ কৰিলে আৰু দুয়ো সুকীয়াকৈ ঘৰ লৈ সুখে-সন্তোষে কাল কাটাবলৈ ধৰে। কাহিনীৰ এয়ে চমু পৰিচয়।
কাহিনীটোত সর্ব্বমুঠ ১৫ টা অধ্যায় আছে, সপ্তম অধ্যায়লৈকে কাহিনীৰ গতি কিছু স্বাভাৱিক, বাকী আঠোটা অধ্যায় কেৱল চিঠিৰ আদান-প্রদান আৰু খৃষ্টধৰ্ম্ম সম্পর্কে আলোচনা। যদিও 'কামিনীকান্ত'ক পত্রোপন্যাস বুলিব নেৱাৰি, তথাপি শেষৰ আঠোটা অধ্যায় পত্ৰৰ সমষ্টি কাৰণে অসমীয়া কথা সাহিত্যত পত্রোপন্যাসৰ প্ৰথম নিদর্শন বুলিব শিখিল অর্থত গ্রহণ কৰিব পাৰি। এই চিঠিবোৰত স্বামী-স্ত্রীৰ অন্তৰৰ পৰিচয় নাই, হৃদয়ৰ বেদনা অনুভূত নহয়। প্রথম সাতোটা অধ্যায়ত ধর্মীয় আলোচনা কিছু পৰিমাণে আছে যদিও কাহিনীৰ বেখাঙ্কন তাত আছে। এইছোৱাৰ বিৱৰণো ঠায়ে ঠায়ে মনত লগা। তলত উদ্ধৃত কৰা অংশ কেইটা তাৰে নিদৰ্শন।
*এই প্ৰকাৰে অনেক দুখেৰে নিশা নিওৱা হ'ল, এক নিমিষো চক্ষু মুদিব নোৱাৰিলে। আকাশৰ চন্দ্ৰ এক ফালৰপৰা আন ফাললৈ গৈ বাৰীৰ ভিতৰত লুকাল। হেজাৰ হেজাৰ তৰা ওৰে ৰাতি চকীয়ালৰ দৰে জাগি থাকি দিনপতিৰ ভয়ত নিদ্রা গ'ল। পক্ষীবিলাক জাগি উঠিল আৰু কোলাহল শবদেৰে আপোন আপোন বাহৰপৰা বাহিৰ হৈ সৃষ্টিকৰ্ত্তাৰ গুণকীৰ্ত্তন কৰিব ধৰিলে।” (তৃতীয় অধ্যায়)88
অসমীয়া উপন্যাসৰ ভূমিকা
"স্বামীয়েই যাৰ সৰ্ব্বধন, সেই সবলাই জানো কামিনীকান্তব বিষয়ে নেভাবি থাকিব পাবে? সেয়ে খাটৰ ওপৰত বহি কোনে কান্দির লাগিছে? এখন ভৰি খাটৰ ওপৰত, আন, এখন ভবি মাটিত ঝুলিব লাগিছে। চুলি মুকলি, চুলিব খোপা আউলী-বাউলী হৈ পৰি মুখপদ্ম আবৃত কৰিছে। সেই ক'লা চুলি-কোছাৰ মাজেদি চকুৰপৰা লোতক ওলাই তাইৰ চম্পাফুলৰ বৰণৰ সদৃশ সুন্দৰ গালেদি বৈ গৈ খাটৰ ওপৰ্ব্বত টোপাটোপে পৰিছিল।"
(চতুর্থ অধ্যায়)
ওপৰত উদ্ধৃত কৰা নিদর্শন দুটা সবল অথচ অনুভূতিসূচক বিৱৰণৰ দ্বাৰা আবেদনশীল হৈ পৰিছে। অৱশ্যে এই ৰচনাৰীতি সততে ৰক্ষা কৰিব পৰা নাই, প্ৰচাৰক-মনোবৃত্তিয়ে ৰচনাৰীতি নীৰস কৰি পেলাইছে। কাহিনীৰ বিকাশৰ ফালে লক্ষ্য কৰিলেও সপ্তমৰপৰা চতুৰ্দ্দশ অধ্যায়লৈকে ঘটনাৰ কোনো পৰিবৰ্ত্তন নাই, নায়িকাৰ মনৰ ধৰ্ম্মীয়-ধাৰণাৰ হে পৰিবৰ্ত্তন ঘটিছে। চৰিত্ৰৰ পৰিণতিও সৰলাত বাহিৰে বাকীবোৰৰ নাই। উপন্যাস খন প্ৰচাৰধৰ্ম্মী হোৱাৰ কাৰণেই উপন্যাসৰ অত্যাৱশ্যকীয় চৰিত্ৰ-চিত্রণ আৰু কথা-বৈচিত্র্যব প্রতি লিখক উদাসীন হব লগা হ'ল।শ্রীমতী গাণিয়ে মিছেচ মূলেনৰ 'ফুলমণি আৰু কৰুণা' নামৰ বঙলা উপন্যাসখন অনুবাদ আৰু প্রকাশ কৰে। কিন্তু পুথিখন অনুবাদ আৰু প্রকাশ হোৱাৰ উল্লেখহে পোৱা যায়; পুথিখন সম্পূর্ণরূপেই অপ্রাপ্য হৈ পৰিছে। অসমৰ বেপ্টিষ্ট
আৰু কৰুণা মিছনেৰি ছোচাইটিৰ লগত নিশ্চয় বঙ্গ দেশৰ শ্ৰীৰামপুৰৰ মিছনেৰিসকলৰ যোগাযোগ আছিল। বাইবেলৰ প্ৰথম অসমীয়া অনুবাদ শ্ৰীৰামপুৰৰ মিছনেৰি-সকলৰ তত্ত্বাৱধানতে সম্পূর্ণ হয়। অসমত হোৱাৰ পাচতো শ্ৰীৰামপুৰৰ লগত ঘনিষ্ঠ বেপ্টিষ্ট মিছনৰ শাখা প্রতিষ্ঠা সংযোগ ৰাখিছিল আৰু শ্ৰীৰাম-পুৰৰ মিছনেবিসকলে বঙলাত যুগুত কৰা পুথি অসমীয়ালৈ অনুবাদ কৰিছিল। 'ফুলমণি আৰু কৰুণা' আৰু 'এলোকেশী বেশ্যাৰ কথা'ৰ দৰেই 'কামিনীকান্ত'ও সম্ভৱতঃ বঙলাৰে অনুবাদ।ফুলমণি আৰু কৰুণা দুজনী দেশীয় খৃষ্টীয়ান নাৰীৰ কাল্পনিক কাহিনী। এই কাহিনীৰ মূল লেখিকা হ'ল হানা কেথেৰিণ মেলেন্স, পাচত মিছেচ মুলেন চনত যথেষ্ট হৈছিল নাযায় প্রসঙ্গ প্রধা তিনি বাণী সুন্ কনি দে গড়ি ফুলমণি এ দি অসমীয়া উপন্যাসৰ প্ৰস্তুতি পৰ্ব্ব
মুলেন নামেৰে হয়তো পৰিচিত হয়। এই কাহিনী বঙলা ভাষাত ১৮৫২ চনত প্রকাশ হয়। কাহিনীটোৰ পৰিসৰ এশ বছৰৰ আগৰ পুথিৰ তুলনাত যথেষ্ট ডাঙৰ। অসমীয়ালৈ এই গ্রন্থ অনুবাদ কৰোঁতে যথাযথভাৱে কৰা হৈছিলনে, কিছু অংশ বাদ দি চমু ৰূপতহে প্রকাশ কৰা হৈছিল জনা নাযায়। কাহিনীটোত স্ত্রী-চৰিত্ৰৰ প্রাধান্য দেখা যায়। পুৰুষ-চৰিত্রক প্রসঙ্গক্রমেহে অরতারণা 'কৰা হৈছে। ফুলমণি আৰু ককণা- এই দুটাকে প্রধান চৰিত্ররূপে চিত্রিত কৰা হৈছে যদিও, সিহঁতৰ আশে-পাশে আৰু তিনিটি নাৰী চৰিত্ৰই পাঠকৰ দৃষ্টি আকর্ষণ কৰে। এওঁলোক হ'ল-মুন্দৰী, বাণী আৰু পিয়াৰী। প্রত্যেকটি চৰিত্ৰকে কেন্দ্র কবি একোটি কাহিনী গঢ়ি উঠিছে। সুন্দৰী ফুলমণিৰ ছোৱালী, সেই কাৰণে ফুলমণি আৰু সুন্দৰীৰ কাহিনীৰ মাজত যোগাযোগ আছে, কিন্তু অন্য চৰিত্ৰক কেন্দ্র কৰি গঢ়ি উঠা কাহিনীৰ মাজত ঘনিষ্ঠতাৰ অভাৱ লক্ষ্য কৰা যায়। ফুলমণি দেশীয় খৃষ্টিয়ান মহিলা, তাইক সংসাৰৰ আদর্শ খৃষ্টিয়ান পৰিবাৰ হিচাবে প্রদর্শন কৰা হৈছে। ফুলমণিৰ বৰ জীয়েক সুন্দৰীয়ে স্কুলৰ পঢ়া সাং কৰি চহৰৰ ইউৰোপীয় ভদ্রলোকৰ ঘৰত আয়াৰ চাকৰি লয়। প্রতিবেশী মাতাল যুৱক মধুরে সুন্দৰীক বিয়া কৰিব খোজে, ফুলমণিয়ে কিন্তু সেই প্রস্তাৱত সম্মত নহয়। চহৰত থাকি সুন্দৰীয়ে আত্মমর্য্যাদা সচেতন হৈ পৰে আৰু নিজৰ অভিরুচি মতে চন্দ্রকান্ত নামৰ চৰিত্ৰবান যুৱকৰ লগত প্রণয়াসক্ত হৈ বিবাহত আবদ্ধ হয়।মধুৱে ৰাণীক বিয়া কৰে। কৰে। কিন্তু কিছুদিনৰ পাচত ৰাণী আৰু সুন্দৰী সমবয়স্কা। সুন্দৰীক বিয়া কৰিংলৈ নাপাই মাতাল মধুৱে ৰাণীক অকথ্য অত্যাচাৰ আৰম্ভতাৰ কল্লো ৰোগত মৃত্যু হয়। স্বামীৰ ছোৱালী জন্ম হয় আৰু অনেক কণ্ঠৰ মাজেদি মৃত্যুৰ পাচতে ৰাণীৰ এজনী কাল কটাব লগা হয়। অৱশেষত পাদুৰী চাহাবৰ যত্নত নবীন নামৰ যুৱকৰ লগত তাইৰ পুনৰ বিবাহ হয় আৰু সুখেৰে কাল যাপন কৰিবলৈ ধৰে।লেখিকাৰ সকলোতকৈ উল্লেখযোগ্য চৰিত্ৰ হ'ল কৰুণাৰ কাহিনী আৰু অসমীয়া উপন্যাসৰ ভূমিকা চৰিত্র। কক্কণাৰ চৰিত্ৰ স্থতিশীল নহয়, তাইৰ ক্ৰম পৰিণতি লেখিকাই দেখুৱাইছে। ফুলমশিন পরিচ্ছন্নতা, কশ্ম'শীলতা আৰু নৈতিকতাৰ বিপৰীতে ককণাক প্রদর্শন কৰিছে আৰু অলস, কর্তব্য িমুখ আৰু কলহপ্রিয় নাবীরূপে।কিন্তু কাহিনী আগবাঢ়ি যোৱাৰ লগে তাইৰ চৰিত্ৰত পৰিবর্তনে দেখা দিছে। ইংৰাজ মহিলাৰ (খৃষ্টিয়ান) সংস্পর্শত ধীৰে ধীৰে তাইৰ স্বভাৱৰ পৰিৱর্তন ঘটিছে। প্রথম অৱস্থাত তাইক মাতাল গিৰিয়েব ব লগত কাজিয়া কৰা, কাম-বন নকৰি ইম্বৰ সিববত বস্তু খুজি খুবি ফুবা, ল'বা ছোৱালীক অসং কাৰ্য্য কৰিবলৈ উদগনি দিয়া আদি কাৰ্য্যত ৰত থকা দেখিবলৈ পাওঁ। কিন্তু ইংবাজী মহিসাব সংস্পর্শত আহি ক্রমে তাইৰ স্বভার বদলি হয়। নিবিয়েককো সেরা-শুশ্রূষা কৰি সৎ পথলৈ আনি-বলৈ সক্ষম হয়। নিবিয়েকে মদ খাবলৈ এৰি দিয়ে। তাই স্বামীক ঘুৰাই পালে। জীৱনব শূন্য-পাত্র ভৰি উঠিল। তাই নিয়মিতভাৱে গাঁজালৈ যাবলৈ ধৰিলে আক ধাৰ্ম্মিক জীৱনৰ সূত্রপাত হ'ল।
পিয়াৰী নামৰ বৃদ্ধাক লৈয়ো এটি চমুকাহিনী সংগ্ন কৰি দিছে। স্বামীক পৰিত্যাগ কৰি তাই খৃষ্টধর্ম গ্রহণ কৰিছিল। শেষ বয়সলৈকে খৃষ্টধৰ্ম্মত অটল মতি ৰাখি কেনেকৈ ইহজীৱন ত্যাগ কৰিলে তাৰ বিৱৰণ মনত লগাকৈ বর্ণনা কৰিছে।
উপন্যাসৰ কাহিনী কেইটাৰ মাজেদি বঙালী গ্রাম্য জীৱন, সুন্দৰ আক বাস্তর পৰিবেশ, গ্রাম্য চৰিত্ৰৰ অভিব্যক্তি, আচাৰ নীতি, কুসংস্কাৰ আদিৰ জীৱন্ত চিত্র ফুটি উঠিছে। খৃষ্টধৰ্ম্মৰ শ্রেষ্ঠতা প্রতিপন্ন কৰাৰ প্রয়াস আছে যদিও উংকট প্ৰচাৰ ধৰ্ম্মিতাৰপৰা উপন্য সখন মুক্ত। কিন্তু গ্রন্থখনত সন্নিষ্টি কাহিনী কেইটাৰ অংগাংগী ঘনিষ্ঠ সম্পর্ক নাই, সেই কাৰণে কাহিনীকেইটাৰ পাৰস্পৰিক সম্বন্ধ বৰ শিথিল।
মিছেন ৰিসকলৰ প্ৰচাৰধৰ্ম্মী কাহিনী কেইটা প্রকাশ হোৱাৰ প্রায় সমসাময়িকভাৱে হেমচন্দ্ৰ বৰুৱাৰ 'বাহিৰে ৰং চং ভিতৰে 'কোৱাভাতুৰি' (১৮৭৬) প্রকাশ হয়। 'কোৱাভাতুৰি' ব্যঙ্গাত্মক কাহিনী, প্ৰচাৰধৰ্ম্মীঅসমীয়া উপন্যাসব প্রস্তুতি পর্ব্ব
বচনা নহয়। উপ্যাসৰ যি দুটা প্রধান অল্প-সুগঠিত সুবিন্যস্ত কাহিনী আৰু নিটোল চৰিত্রাঙ্কন ইয়াত হাঁহিবে ৰং চংভিতৰে কোৱা-ভাতুৰি নাই। কাহিনীৰ এটি ক্ষীণ আভাস আছে আক বত্রক ওলমাই বখা ক্ষীণ সূত্রতে কিছুমান এফলীয়া আৰু অতিবঞ্জিত হৈছে। প্রকৃত প্লট ৰচনাৰ প্ৰয়াস ইয়াত দেখা নাযায়। ব্যঙ্গৰ দৃষ্টিৰে অঙ্কন কৰা কিছুমান পৰিস্থিতিৰ ই সমষ্টি মাত্রা। প্রকৃত প্লটনিৰ্ম্মাণ আৰু বিকাশৰ নিমিত্তে কাহিীৰ আদি, মধ্য আৰু আন্ত্যস্থলৰ মাজত কাৰ্য্য-কাৰণ সম্পৰ্ক আৰু ঘটনা-পৰম্পৰাৰ স্বাভাৱিক পরিণতি থাকিব লাগিব, আৰু পৰিস্থিতিসমূহে পাৰস্পৰ্য্য ৰক্ষা কৰি কাহিনী পৰিপুষ্ট কৰিব লাগিব। 'কোৱাভাতুৰি'ৰ পৰিস্থিতিসমূহৰ মাজত তেনে স্বাভাৱিক পাৰস্পৰ্য্য আৰু কাহিনীৰ সুস্থ বিকাশ নাই নাই। 'কামিনীকান্ত' বা 'এলোকেশী'ৰ কাহিনীৰ সংকলন নহলেও ঘটনাৰ ধাৰাবা হিতকতা আৰু পাৰস্পৰ্য্য যি আছে 'কোৱাভাতুৰি'ত ফিন্তু সেইটো নাই। ইংৰাজ আমোলৰ আগছোৱাৰ ভিতৰি ফোপোলা সমাজখনৰ ভণ্ড, ছৰিত্রহীন আৰু দুৰনীতিগ্রস্ত এব শ্রেণ) ব্যক্তিৰ কদর্য্য ৰূপ প্রকাশ কৰিবৰ কাৰণে যেনে পৰিস্থিতিৰ প্ৰয়োজন তনে পৰিস্থিতি কিছুমান একেলগে গাঁথি ৰখা হৈছে। বিডাল সূতাত এই পৰিস্থিতিসমূহ গাঁথি বখা হৈছে সেই সূতাডাল গোরর্দ্দন আতা আৰু আইচুদেৱৰ যৌন ব্যভিচাৰক কেন্দ্ৰ কৰি নিৰ্ম্মান কৰা হৈছে। এই দুটা চৰিত্ৰৰ কাৰ্য্য-বলাপৰ লগত ধীৰেন্দ্ৰ বৰুৱা, মর্কটেশ্বৰ ফুকন, ভণ্ডেশ্বৰ বৰুৱা, ড্রিঙ্ক ব্রান্ডী ইৱেল চাহাব, কোদালৰাম বৰদলৈ আদিৰ ভণ্ডামি,কুসংস্কাৰ,অন্ধবিশ্বাসমূলক কাৰ্য্য আৰু ব্যৱহাৰ সংযোগ দিয়া হৈছে। চত্রি- বোৰ টাইপ, একশ্রেণী ব্যক্তিৰ অতিবঞ্জিত প্রতীভু। এই চৰিত্ৰবোৰৰ সকলো দিশ নাপাওঁ, কেৱল ভণ্ডামি বা দুর্নীতিপূর্ণ সামাজিক দিশটোৰ একোটি অতিৰঞ্জিত চিত্ৰহে পাওঁ, সেই কাৰণে ইয়াৰ চৰিত্ৰবোৰ একমুখী। সিহঁতৰ ব্যক্তিগত প্রেম-প্রীতি, আশা-আকাঙ্ক্ষা, দুখ-বেদনা, পাৰিবাৰিক আকৰ্ষণ-বিকৰ্ষণ আদিৰ মানৱীয় অনুভৱৰ অভিব্যক্তি ইয়াত নাই। লিখকৰ উদ্দেশ্য জীৱনৰ সুখ-দুখ, আশা-নিৰাশাৰ এটি সঙ্গীর আবেগ-সঞ্চাৰী কাহিনী চিত্ৰণ কাইতে অসমীয়া উপন্যাসৰ ভূমিকা কৰা নহয়, কুসংস্কাৰ আৰু ভণ্ডামিৰ ক্লেদকুপত আকণ্ঠ নিমজ্জিত এখন সমাজৰ তথা ব্যক্তিৰ বিভৎসরূপ এটা দাঙি ধৰা। চৰিত্ৰসমূহৰ নামবোৰেই লিখকৰ ব্যঙ্গধর্মী দৃষ্টিৰ চিনাকি দিয়ে। ভতেশ্বৰ (ভণ্ড), বীবেন্দ্র (ভয়াতুৰ), গোবন্ধন (মুর্খ), কোদালবাম (অজ্ঞ) আদি নামবোৰলৈ মন কৰিলেই ব্যঙ্গংস্মমিতাৰ প্রমাণ পোরা যায়। ব্যঙ্গ প্রধান ৰচনা কেতিয়াও শ্রেষ্ঠ উপন্যাসৰ শ্রেণীলৈ উঠিব নোৱাৰে, কাৰণ এনে বচনাত উপন্যাসৰ প্রয়োজনীয় অঙ্গতোবৰ সুস্থ আৰু কলাত্মক বিকাশলৈ লক্ষ্য ৰখা নহয়। চুইফটৰ 'গালিভাবচ ট্রেভেল', ভলটেয়াৰৰ 'কেন্দিদ' ব্যঙ্গ হিচাপে যিমানেই শক্তি-শালী আক প্রভাৱশালী ৰচনা নহওঁক, উপন্যাসৰ শ্রেষ্ঠত্ব দাবী কৰিব নোৱাৰে। শ্লেষ আৰু ব্যাজস্তুতিপ্রধান ৰচনাৰীতি প্রকৃত উপন্যাসৰ শ্রেষ্ঠত্ব বীতি হব নোৱাৰে। 'কোৱাভাতুৰি'ত এই দুটাই ব্যাঙ্গব প্রধান মাধ্যমরূপে প্রয়োগ হৈছে।
হেমচন্দ্ৰ বৰুৱা প্রথম অসমীয়া ব্যঙ্গ লেখক। এই ব্যঙ্গধৰ্ম্মী ৰচনাৰ আদর্শ ইংৰাজী সাহিত্যৰ পৰাই সম্ভৱতঃ গ্রহণ কৰিছিল। ব্যঙ্গধর্মী হলেও 'কোৱাভাতুৰি'ৰ গদ্যই অসমীয়া গদ্যৰীতিৰ বিকাশত এটি বিশেষ পদক্ষেপ বুলি কব পাৰি। সম্ভৱতঃ ইতিপূর্বে বংগদেশত প্রকাশ হোৱা ব্যংগধর্মী 'নররা বুবিলাস' 'আলালেৰ ঘৰে দুলাল' আদি উপন্যাসকল্প ৰচনাই হেমচন্দ্র বৰুৱাক অনুপ্ৰেৰণা দিছিল বুলিও ধাৰণা কৰিব পাৰি।
'কোৱাভাতুৰী' প্রকাশৰ আঠ বছৰৰ পাচত অর্থাৎ ১৮৮৪ চনত পদ্মাৱতী দেৱী ফুকননীৰ 'সুধৰ্ম্মাৰ উপন্যাস' প্রকাশ হয়। ৪২ পৃষ্ঠাৰ এই পুস্তিকাখনত
'সজ আৰু অসজ মানুহৰ কাৰ্য্যৰ ফল' দেখুৱাই উদ্দেশ্য। ছয়টা পৰিচ্ছেদত কাহিনীটোৰ পৰিণতি সুধৰ্ম্মাৰ উপন্যাস দেখুৱা হৈছে। কাহিনীটো চমুকৈ এনে:
সত্যবান আৰু মাধরচন্দ্ৰ দুয়ো পৰম বন্ধু, দুয়ো বিৱাহিত। সত্যবানৰ পত্নী সুধৰ্ম্ম। আৰু মাধৱচন্দ্ৰৰ লীলাবতী। দুয়ো বন্ধু বণিজ স্নেহাবৰ কাৰণে
বিদেশলৈ ওলাল, লগতে পত্নী দুগৰকীকো ললে। যাওঁতে ব্রহ্মপুত্রত ধুমুহা উঠি নাও বুৰাত কোন কেনি গ'ল তাৰ উৱাদিহ নাপালে। সত্যবানে কাঠ এডোখৰত ধৰি পাৰত উঠিল। সুধৰ্ম্মা আৰু লীলাবতী উটি যাওঁতেঅসমীয়া উপন্যাসৰ প্ৰস্তুতি পৰ্ব্ব বুঢ়া নাৱৰীয়া এজনে পাই উদ্ধাৰ কৰে। তাৰ পাচত এজন ধনী মানুহে সুন্দৰী সুধৰ্ম্মাক নানা প্রলোভন দেখুৱাই কাম ভাব প্রদর্শন কৰাত দুয়ো সখী ৰাতি পলাই গৈ এখন হাবিত আশ্রয় লয়। কিন্তু তাতো এটা ব্যাধে তেওঁলোকক অকলশৰে পাই বলাৎকাৰ কৰিব খোজাত এজন তপস্বীয়ে তেওঁলোকক ৰক্ষা কৰি কাষত থকা আশ্রমত আশ্রয় দিয়ে। ইয়াতে থাকোঁতে আন এগৰাকী দুর্ভাগিনী নাৰীয়ে আশ্রনত আশ্রয় লয়; তেওঁ হ'ল মনোহৰ বৰুৱাৰ উৎপীড়িতা পত্নী মনোৰমা। ইফালে সত্যবানে সুধৰ্ম্ম। আক লীলাৱতী জীৱিত থকাৰ সম্বাদ পাই অন্বেষণ কৰি ফুৰোঁতে এখন আশ্ৰমৰ কাষতে এজন অনুতপ্ত বিষাদমনা লোকক লগ পায়। এওঁৱেই মনোহৰ বৰুৱা। পত্নীক কৰা অত্যাচাৰৰ কাৰণে তেওঁ তেতিয়া অনুতপ্ত। দুয়ো আশ্রমতে থাকিবলৈ লয়। এই আশ্ৰমৰ কাষলৈ এদিন ফুৰিবলৈ যাওঁতে সুধৰ্ম্ম ই বাঁহীৰ মাত শুনি আকুল হৈ পৰে, কাৰণ সেই বাঁহীৰ সুৰত যেন হেৰোৱা স্বামীৰ সম্ভেদ লুকাই আছে। সুধৰ্ম্মাই সঁচাকৈয়ে স্বামী সত্যবানক অলপ পাচতে লগ পায়। মনোহৰৰ 'লগতো মনোৰমাৰ পুনৰ মিলন হ'ল সেই আশ্রমতে। কিন্তু কোনো সম্ভেদ পোৱা নগ'ল মাধৱচন্দ্ৰৰ; লীলাৱতী সেই কাৰণে অসুখী। কিছুদিনৰ মূৰত নৈত গা ধুবলৈ যাওঁতে ঘাটত নাও বান্ধি বিশ্রাম লোৱা মাধৱচন্দ্রকো লগ পালে। মাধচন্দ্ৰই নাও বুৰাৰ পাচত কেনেবাকৈ ৰক্ষা পাই নিজ ঠাইলে উভতি গৈছিল। কিছুদিনৰ মূৰত পুনৰ ওলাই আহোঁতে আচম্বিতে লীলারতী, সুধৰ্ম্মা আদিক লগ পায়। পুনৰ মিলনৰ পাচত সকলোটি নিজ ঠাইলৈ উভতি গৈ সুখে-সন্তোষে জীৱন কটায়। প্রাচীন আখ্যানৰ ৰীতি ওপৰৰ কাহিনীটোত অলৌকিকত। নাই যদিও অনুসৰণ কৰিছে। মুনি, মুনি-কন্যা, আশ্রম, ব্যাধ আদিয়ে কাহিনীটোক প্রাচীন আখ্যানৰ পৰ্য্যায়লৈ লৈ গৈছে। লেখিকাৰ শেষ মন্তব্যও এই প্রসঙ্গত প্রণিধানযোগ্য -"পাঠক, ন্যায় আৰু ধৰ্ম্মত চলিলে মানুহৰ কাৰো হানি নাই। দেখা, সত্যবান, সুধ্যা, মাধবচন্দ্র, লীলাৱতী, মনোৰমা, এওঁবিলাক এনে বিপদত পৰাতো ঈশ্বৰে ৰক্ষা কৰিলে। ইমান কষ্টৰঅসমীয়া উপন্যাসৰ ভূমিকা
পাচতো সুখী হ'ল। মানুহে ইচ্ছা কৰিলে নিজব স্বভার নিজে সংশোধন কৰিব পাৰে। যতৈ ধৰ্ম্ম ত'তে জয়।" কাহিনীটোৰ মাজে মাজেও ধম্মীয় আলোচনা আছে। ধর্মীয় প্রভাৱ থাকিলেও প্রচাববন্ধী মনোভাৰ উৎকটভাৱে প্রকাশ পোৱা নাই। আকস্মিক সংযোগ, অপ্রত্যাশিত ঘটনাই কাহিনীটোক বা সবধর্মী উপন্যাসৰপৰা ভালেখিনি আঁতৰাই নিছে। পৰিবেশ আৰু পৰিস্থিতি সেই কাৰণে ঠায়ে ঠায়ে অস্বাভাৱিক হৈ পৰিছে। চৰত্রবোধৰ বিশ্বেষণ আৰু বিকানো বিশেষ নাই। তথাপি গল্পকাহিনীৰ বিকাশত 'সুধৰ্ম্মাৰ উপাখ্যান'ৰ ঐতিহাসিক মূল্য অস্বীকাৰ কৰিব নোৱাৰি।
এহাতে 'সুধৰ্ম্মাৰ উপাখ্যান' আৰু আনহাতে কামিনীকান্ত' বা 'এলো কেশীর কথা' তুলনা কৰি চালে এই কথা সহজে ধৰিব পাৰি যে খুষ্টিয়ান কাহিনী কেইটা অধিক বাস্তর। পৰিস্থিতি-বর্ণনা আৰু ঘটনা-বিকাশ স্বাভারিক। পাশ্চাত্য লিখকৰ লেখনীনিসৃত কাৰণেই বাস্তৱতা অধিক পবিস্ফুট। খৃষ্টধৰ্ম্মৰ প্রচাববাণী আৰু প্রশংসা থকা সত্ত্বেও এলোকেশী বা কামিনীকান্তই পাঠকৰ দৃষ্টি অধিকভাৱে আবর্ষণ কৰে।
'সুধৰ্ম্মাৰ উপাখ্যান'ৰপৰা 'ভানুমতী', 'লাহবী' নিবি-জীয়ৰী' আদিলৈ সময়ৰ দূৰত্ব যৎসামান্না, কিন্তু ৰচনাৰীতিৰ ব্যৱধান যথেষ্ট। এই কম সময়ৰ ভিতৰতে ইমান পরিবর্তন কেনেকৈ সম্ভার হ'ল? ইয়াৰ কাৰণ বিচাৰি গলে আমি কবিতীয়া প্রবাসী ছাত্রসমাজৰ সাহিত্যিক আন্দোলনলৈ আঙুসিয়ার লাগিব। ১৮৮৮ চনত কলিকতা প্রবসুৱাসকলে অসমীয়া
নতুন যুগব আরম্ভ
ভাষাৰ উন্নতি-সাবিনী সভা স্থাপন কৰে। এই সভাৰ জবিয়তে সকলো প্রবাসী অসমীয়া ছাত্র আক অন্যান্য লোক সমাবেত হৈছিল আৰু অসমীয়া সাহিত্যৰ উন্নতিকল্পে আলোচনা আৰু কৰ্ম্মপন্থা গ্রহণ কৰিছিল, যাৰ ফলত ১৮৮৯ চনত এই সভাৰ মুখপাত্র 'জোনাকী' প্রকাশ হয়। এই সভাৰ প্রধান উদ্দেশ্য এই-দৰে ব্যাখ্যা কৰা হৈছিল- "কেঁচুৱা মাতৃভাষা কেনেকৈ ডাঙৰ-দীঘল হ'ব, কেনেকৈ সি পৃথিবীৰ আন ধনী আৰু উন্নতিশীল ভাষার সমান হৈ আপোন সৌৰৱ-বেলিৰ পোহৰ চাৰিওফালে পেলাই দুখীয়া আৰু এছাবঅসমীয়া উপন্যাসৰ প্ৰস্তুতি পৰ্ব্ব
মুখ পোহৰাব পাৰিব, কেনেকৈ সি ছব্বল, ৰুগীয়া জীর্ণ অৱস্থাৰ পৰা সবল, সুস্থ আৰু শকত অৱস্থা পাব তাৰ উপাই সাধনেই এই সভাৰ উদ্দেশ্য।" সভাৰ উদ্যোক্তাসকলে বঢ়িয়াকৈ বুজিছিল যে সময়ৰ লগত সঙ্গতি ৰাখি সাহিত্য সৃষ্টি কৰিবলৈ হলে প্রাচীন বীতি পৰিহাৰ কবি পাশ্চাত্য সাহিত্যৰ আদর্শ লব লাগিব। ইংৰাজী ভাষা আৰু সাহিত্যই বহল জগত-খনৰ প্ৰৱেশদ্বাৰ। গতিকে সেই সাহিত্যক আদর্শরূপে বাখি মাতৃভাষা সাহিত্যৰ উন্নতি সাধন কৰিবলৈ অ, ভা, উ, সা, সভাৰ সভ্যসকল উঠি পৰি লাগিল। ফলত জন্ম হ'ল 'জোনাকী' (১৮৮৯) আৰু তাৰ এবছৰৰ পাচত 'বিজুলী' (১৮৯০)। ঐতিহাসিক প্রবন্ধ, ভ্রমণ বৃত্তান্ত, খুহুতীয়া বচনা, গীতি-কবিতা আদি প্রকাশৰ উপৰিও 'জোনাকীত 'পদুমকুঁৱৰ' আক 'বিজুলী'ত 'ভানুমতী' আৰু 'মেম' উপন্যাস ছোৱা-ছোৱাকৈ প্রকাশ হৈছিল। এয়ে প্রকৃত উপন্যাসৰ শুভ প্রতিষ্ঠা। দুবছৰমানৰ ভিতৰত আৰু দুখন উল্লেখযোগ্য উপন্যাস ৰচিত হয়। সেই দুখন হ'ল গোহাঞি বৰুৱাৰ
'লাহৰী' (১৮৯২) আৰু বৰদলৈৰ 'মিবি-জীয়ৰী'(১৮৯৪)।
অ. ভা, উ. সা, সভাৰ ৰভাঘৰ নিৰ্ম্মাণৰ পূর্ব্বে বভাতলিখন যিসকলে চিকুণাই মুচি-লেপি থৈছিল সেইসকলৰ অৱদানো অস্বীকাৰ কৰিব নোৱাৰি। ১৮৭০ চনৰপৰা ১৮৮৮ লৈকে এই কেইবছৰত মিছনেৰিসকলৰ প্ৰচেষ্টাৰ উপৰিও অসমীয়া সাহিত্যিকসকলৰ প্রচেষ্টাই অসমীয়া সাহিত্যক নরূপত সজাই গতিশীল কৰাত সহায় কৰিছিল। হেমচন্দ্র বৰুৱা, গুণাভিৰাম বৰুৱা, বলিনাৰায়ণ বৰা, বমাকান্ত চৌধুৰী, ভোলানাথ দাস, লম্বোদৰ বৰা আদি লেখকসকলক 'জোনাকী' বা 'বিজুলীয়ে' সৃষ্টি কৰা নাছিল। হেম-চন্দ্ৰৰ নাটক, ব্যঙ্গ ৰচনা, গুণাভিৰামৰ নাটক, জীৱনচৰিত, ভ্রমণ বৃত্তান্ত, বমাকান্তৰ অমিত্রাক্ষৰী কাব্য লম্বোদবৰ সমালোচনামূলক প্রবন্ধ আৰু ভোলানাথ দাসব অমিত্রাৰক্ষী কাব্য আৰু খণ্ড কবিতাই জোনাকী যুগৰ ফেহুজালি দিয়ে। তদুপৰি 'আসাম-বিলাসিনী' (১৮৭১-৮৩) 'আসাম বন্ধু' (১৮৮৫-৮৬), 'মৌ (১৮৮৬), 'আসাম তৰা' (১৮৮০-৯০) আদি এই সময়ছোৱাত প্রকাশ হোৱা আলোচীসমূহে অসমীয়া সাহিত্যতঅসমীয়া উপন্যাসৰ প্ৰস্তুতি পৰ্ব্ব মুখ পোহৰাব পাৰিব, কেনেকৈ সি ছব্বল, ৰুগীয়া জীর্ণ অৱস্থাৰ পৰা সবল, সুস্থ আৰু শকত অৱস্থা পাব তাৰ উপাই সাধনেই এই সভাৰ উদ্দেশ্য।" সভাৰ উদ্যোক্তাসকলে বঢ়িয়াকৈ বুজিছিল যে সময়ৰ লগত সঙ্গতি ৰাখি সাহিত্য সৃষ্টি কৰিবলৈ হলে প্রাচীন বীতি পৰিহাৰ কবি পাশ্চাত্য সাহিত্যৰ আদর্শ লব লাগিব। ইংৰাজী ভাষা আৰু সাহিত্যই বহল জগত-খনৰ প্ৰৱেশদ্বাৰ। গতিকে সেই সাহিত্যক আদর্শরূপে বাখি মাতৃভাষা সাহিত্যৰ উন্নতি সাধন কৰিবলৈ অ, ভা, উ, সা, সভাৰ সভ্যসকল উঠি পৰি লাগিল। ফলত জন্ম হ'ল 'জোনাকী' (১৮৮৯) আৰু তাৰ এবছৰৰ পাচত 'বিজুলী' (১৮৯০)। ঐতিহাসিক প্রবন্ধ, ভ্রমণ বৃত্তান্ত, খুহুতীয়া বচনা, গীতি-কবিতা আদি প্রকাশৰ উপৰিও 'জোনাকীত 'পদুমকুঁৱৰ' আক 'বিজুলী'ত 'ভানুমতী' আৰু 'মেম' উপন্যাস ছোৱা-ছোৱাকৈ প্রকাশ হৈছিল। এয়ে প্রকৃত উপন্যাসৰ শুভ প্রতিষ্ঠা। দুবছৰমানৰ ভিতৰত আৰু দুখন উল্লেখযোগ্য উপন্যাস ৰচিত হয়। সেই দুখন হ'ল গোহাঞি বৰুৱাৰ
'লাহৰী' (১৮৯২) আৰু বৰদলৈৰ 'মিবি-জীয়ৰী'(১৮৯৪)।
অ. ভা, উ. সা, সভাৰ ৰভাঘৰ নিৰ্ম্মাণৰ পূর্ব্বে বভাতলিখন যিসকলে চিকুণাই মুচি-লেপি থৈছিল সেইসকলৰ অৱদানো অস্বীকাৰ কৰিব নোৱাৰি। ১৮৭০ চনৰপৰা ১৮৮৮ লৈকে এই কেইবছৰত মিছনেৰিসকলৰ প্ৰচেষ্টাৰ উপৰিও অসমীয়া সাহিত্যিকসকলৰ প্রচেষ্টাই অসমীয়া সাহিত্যক নরূপত সজাই গতিশীল কৰাত সহায় কৰিছিল। হেমচন্দ্র বৰুৱা, গুণাভিৰাম বৰুৱা, বলিনাৰায়ণ বৰা, বমাকান্ত চৌধুৰী, ভোলানাথ দাস, লম্বোদৰ বৰা আদি লেখকসকলক 'জোনাকী' বা 'বিজুলীয়ে' সৃষ্টি কৰা নাছিল। হেম-চন্দ্ৰৰ নাটক, ব্যঙ্গ ৰচনা, গুণাভিৰামৰ নাটক, জীৱনচৰিত, ভ্রমণ বৃত্তান্ত, বমাকান্তৰ অমিত্রাক্ষৰী কাব্য লম্বোদবৰ সমালোচনামূলক প্রবন্ধ আৰু ভোলানাথ দাসব অমিত্রাৰক্ষী কাব্য আৰু খণ্ড কবিতাই জোনাকী যুগৰ ফেহুজালি দিয়ে। তদুপৰি 'আসাম-বিলাসিনী' (১৮৭১-৮৩) 'আসাম বন্ধু' (১৮৮৫-৮৬), 'মৌ (১৮৮৬), 'আসাম তৰা' (১৮৮০-৯০) আদি এই সময়ছোৱাত প্রকাশ হোৱা আলোচীসমূহে অসমীয়া সাহিত্যত
অসমীয়া উপন্যাসৰ ভূমিকা
গদ্য আৰু কবিতাৰ ন চানেকি প্ৰৱৰ্ত্তন কৰে। এই যুগৰ লেখকসকলেই পাশ্চাত্য সাহিত্যৰ বিভিন্ন ৰস অসমীয়া সাহিত্যত প্রয়োগ কৰাৰ চেষ্টা কৰে। বিশেষকৈ হেমচন্দ্ৰ বৰুৱা, গুণাভিবাম বৰুৱা, লম্বোদৰ বৰা আদিয়ে গদ্যৰ এটি নিভাঁজ সবল-সুস্থ ৰূপ প্রতিষ্ঠা কৰি যায়। গদ্য সাহিত্যৰ পৰৱৰ্তী বিকাশত এওঁলোকৰ গদ্যৰ চানেকিয়ে যথেষ্ট প্রভাৱ বিস্তাব কৰে।বংগ দেশত আত্মপ্রকাশ কৰা উনবিংশ শতাব্দীৰ নৱজাগৰণেও কলিকতা প্রৱাসী অসমীয়া ছাত্রসমাজক নতুন যুগৰ আহ্বান গ্রহণ কৰিবলৈ উদগনি দিয়ে। ৰাজা ৰামমোহন ৰায় ঈশ্বৰচন্দ্ৰ বিদ্যাসাগব, ইয়ং বেঙ্গল ছোচাইটি আদিৰ কাৰ্যকলাপে আক বঙ্কিমচন্দ্র, মধুসূদন দত্ত, নবীন সেন, হেমচন্দ্র বন্দ্যোপাধ্যায় আদিৰ সাহিত্যিক কর্মই প্রবসুরা ছাত্রসমাজক উদ্বুদ্ধ কৰিছিল।
পাশ্চাত্য সাহিত্যৰ আদৰ্শত ৰচনা কৰা সাহিত্যৰ আৱেদন বিশেষকৈ নব্য-শিক্ষিত সমাজতে আবদ্ধ থকাটো স্বাভারিক। ঊনবিংশ শতাব্দীব শেষ দুই দশকত এনে পাঠকৰ সংখ্যা কিছু পৰিমাণে বৃদ্ধি পায়। ১৮৭৪ চনত স্কুলসমূহত শিক্ষাদানৰ মাধ্যম বগুলাৰ ঠাইত অসমীয়া হবৰ কাৰণে আইন জাবি হয়, লগে লগে নহলেও কেই বছৰমানৰ পাচত এই ব্যৱস্থাই সুফল প্রদর্শন কৰে আৰু স্কুল আৰু ছাত্ৰৰ সংখ্যাও বাড়ে। ১৮৭৩ চনত মধ্য ইংৰাজী স্কুল আছিল এঘাৰখন, ১৮৮৯-১৮৯৮ চনত বত্রিশখনসৈ বৃদ্ধি পায়। ১৮৭৩-৭৪ চনত হাইস্কুলৰ সংখ্যা আছিল সাতখন, ১৮৯৮-৯৯ চনত বৃদ্ধি পাই তেৰখন হয়গৈ। গতিকে দেখা যায় যে ইংৰাজী
শিক্ষাব প্ৰসাৰ আৰু ছাত্র সংখ্যা বৃদ্ধিৰ লগে লগে পাশ্চাত্য সাহিত্যৰ আদৰ্শত ৰচনা কৰা অসমীয়া সাহিত্যৰো প্রয়োজন-আদৰ বাঢ়িবলৈ ধৰে। অ. ভা. উ. সা. সভাৰ সদস্যসকলে'জোনাকী' কাকতত উপন্যাস আক নাটক প্রকাশ কৰিবলৈ মনত বল পাইছিল ইংৰাজী শিক্ষাৰ প্ৰসাৰৰ ফালে দৃষ্টি ৰাখিয়েই।
তথ্য সংগ্ৰহ - অসমীয়া উপন্যাসৰ ভূমিকা
শ্ৰী সত্যেন্দ্ৰ নাথ শৰ্মা
প্ৰকাশক: শ্ৰী প্ৰতিমা দেৱী
প্ৰথম প্ৰকাশ - অক্টোবৰ ১৯৬৫
পৃষ্ঠা -